নেশ্যনেল ডেস্ক, ২০ মে' :বিশ্ব ক্ৰীড়াত পুনৰ উজলিল ভাৰত । এইবাৰ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ (Nikhat Zareen wins gold at Boxing Championships)। ইস্তানবুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫২ কেজি শাখাত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিলে নিখাত জাৰিনে ।
ফাইনেলত থাইলেণ্ডৰ বক্সাৰ জিতপাঙক ৫-০ পইণ্টত পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে (Nikhat Zareen wins gold at World Boxing Championship)। ইয়াৰ লগে লগে বিশ্ব চেম্পিয়ন হোৱা তেলেংগনাৰ প্ৰথম মহিলা হিচাপে অভিলেখ গঢ়িলে নিখাতে । নিখাত জাৰিন হৈছে বিশ্ব চেম্পিয়নশ্বিপত (World Boxing Championship 2022) সোণৰ পদক অৰ্জন কৰা ভাৰতৰ পঞ্চমগৰাকী বক্সাৰ । ইয়াৰ পূৰ্বে মেৰী কম, সৰিতা দেৱী, জেনি আৰ এল আৰু লেখা কেচিয়ে সোণৰ পদক লাভ কৰিছিল ।
নিখাত জাৰিনৰ এই সফলতাৰ পাছতে সমগ্ৰ তেলেংগনাত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । বিশেষকৈ, খেলুৱৈগৰাকীৰ জন্মস্থান নিজামাবাদত বিজয় উদযাপন কৰা দেখা গৈছে । নিখাতৰ পৰিয়াল, বন্ধুবৰ্গ, চুবুৰীয়া, আত্মীয় আৰু প্ৰশিক্ষকসকলে হায়দৰাবাদৰ মানিকোণ্ডাত থকা তেওঁলোকৰ বাসগৃহত বিজয় উদযাপন কৰে ।