অসম

assam

ETV Bharat / sports

Neeraj Chopra won gold in Diamond League : ডাইমণ্ড লীগত সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ - Diamond League title

একেৰাহে দ্বিতীয়বাৰৰ বাবে ডাইমণ্ড লীগত খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ । সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ'ৰ সৈতে খেলুৱৈগৰাকীয়ে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ।

Neeraj Chopra won gold in Diamond League
ডাইমণ্ড লীগত সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

By

Published : Jul 1, 2023, 10:31 AM IST

স্পৰ্টছ ডেস্ক,১ জুলাই :অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাৰ আন এক সফলতা । এইবাৰ ডাইমণ্ড লীগত সোণৰ পদক অৰ্জন খেলুৱৈগৰাকীৰ । আঘাতৰ বাবে প্ৰায় এমাহ খেলপথাৰৰ পৰা বাহিৰত আছিল যদিও পুনৰ উভতি আহিয়ে দেশবাসীলৈ এই সুনাম কঢ়িয়াই আনিলে খেলুৱৈগৰাকীয়ে । বিগত বছৰত প্ৰথমবাৰৰ বাবে এই ডাইমণ্ড লীগত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল নীৰজ চোপ্ৰাই । একেৰাহে দ্বিতীয়টো পদক অৰ্জনৰ লগে লগে খেলুৱৈগৰাকীক আগন্তুক প্ৰতিযোগিতাৰ বাবে অধিক আত্মবিশ্বাসী কৰি তুলিব আশা কৰা হৈছে ।

উল্লেখ্য যে যোৱা মাহত নীৰজ চোপ্ৰাই প্ৰশিক্ষণৰ সময়তে পেশীজনিত সমস্যাত ভুগিছিল । যাৰ বাবে তেওঁ তিনিটা শীৰ্ষ ইভেণ্টৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল । কিন্তু আঘাতৰ পাছত উভতি আহিয়ে সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ'ৰ জৰিয়তে তেওঁ স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ।

প্ৰতিযোগিতাখন তেওঁ ফাউলেৰে আৰম্ভ কৰে আৰু দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮৩.৫২ মিটাৰ থ্ৰ' কৰিবলৈ সক্ষম হয় । তৃতীয় প্ৰচেষ্টাত তেওঁ ৮৫.০৪ মিটাৰ থ্ৰ' কৰে । চতুৰ্থ ৰাউণ্ডত তেওঁ পুনৰ ফাউল কৰে । অৱশ্যে পঞ্চম ৰাউণ্ডত তেওঁ সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ' কৰি পদক নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় । আনহাতে অন্তিম ৰাউণ্ডত তেওঁ ৮৪.১৫ মিটাৰহে থ্ৰ' কৰে ।

ইফালে জাৰ্মানীৰ জুলিয়ান ৱেবাৰ ৮৭.০৩ মিটাৰ সৰ্বাধিক থ্ৰ'ৰ সৈতে দ্বিতীয় স্থানত থাকে আৰু আনহাতে চেক গণৰাজ্যৰ জাকুব ভাডলেজচে ৮৬.১৩ মিটাৰ প্ৰচেষ্টাৰে তৃতীয় স্থানত থাকে । চোপ্ৰাই যোৱা বছৰ আগষ্টত তেওঁৰ প্ৰথম ডায়মণ্ড লীগ খিতাপৰ বাবে লাউচেন লেগত জয়ী হৈছিল । তাৰ এমাহ পাছতে তেওঁ গ্ৰেণ্ড ফাইনেলত ডায়মণ্ড লীগ ট্ৰফীও অৰ্জন কৰে ।

সমান্তৰালকৈ পুৰুষৰ লং জাম্পত, ভাৰতৰ মুৰলী শ্ৰীশংকৰে তৃতীয় ৰাউণ্ডত ৭.৮৮ মিটাৰ জাম্পৰ সৈতে পঞ্চম স্থান লাভ কৰে । ৯ জুনত পেৰিছলেগত প্ৰথম ডাইমণ্ড লীগৰ পোডিয়ামত তৃতীয় স্থান দখল কৰা শ্ৰীশংকৰে এই মাহৰ আৰম্ভণিতে ভুৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপৰ সময়ত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৮.৪১ মিটাৰ জাম্প কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Asia Cup 2023: এছিয়া কাপত দললৈ প্ৰত্যাৱৰ্তন কৰিব কে এল ৰাহুল আৰু বুমৰাই

ABOUT THE AUTHOR

...view details