স্পৰ্টছ ডেস্ক,১১ ছেপ্টেম্বৰ :টকিঅ' অলিম্পিকত (Tokyo Olympics) সোণৰ পদক অৰ্জন কৰাৰ লগে লগে দেশবাসীৰ মাজত চৰ্চা লাভ কৰিছে নীৰজ চোপ্ৰাই (Neeraj Chopra) । অৱশ্যে জেভলিন থ্ৰোৱাৰ গৰাকী সলনি হোৱা নাই এতিয়াও পূৰ্বৰ দৰেই আছে । শনিবাৰে খেলুৱৈগৰাকীৰ আন এটা আশা পূৰণ হ'ল ।
প্ৰথমবাৰৰ বাবে নীৰজ চোপ্ৰাই নিজৰ পিতৃ-মাতৃক বিমান যাত্ৰা কৰোৱাই । পিতৃ-মাতৃক বিমান যাত্ৰা কৰোৱাই যথেষ্ট সুখী খেলুৱৈগৰাকী । খেলুৱৈ গৰাকীয়ে টুইটযোগে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে পিতৃ-মাতৃক বিমানত লৈ গৈ তেওঁৰ দীৰ্ঘদিনীয়া এক সপোন পূৰণ হ'ল ।
যোৱা মাহত তেওঁ কৈছিল যে, ২০২১ চনৰ বাকী প্ৰতিযোগিতাবোৰত তেওঁ অংশগ্ৰহণ নকৰে । অৱশ্যে ২০২২ চনত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত তেওঁ অংশগ্ৰহণ কৰিব ।ইফালে সোণৰ পদক লাভ কৰাৰ পাছতে দেশবাসীয়ে যিধৰণে নীৰজ চোপ্ৰাক আদৰণী জনালে তাকলৈ আনন্দিত খেলুৱৈ গৰাকী । খেলুৱৈগৰাকীক সমৰ্থন কৰা বাবে ইনষ্টাগ্ৰাম পোষ্টত সকলো ভাৰতীয়কে ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈগৰাকীয়ে ।