অসম

assam

ETV Bharat / sports

Neeraj Chopra win gold : ‘‘এই পদক সকলো ভাৰতীয়ৰ বাবে’’; নীৰজ চোপ্ৰা - Neeraj Chopra win gold

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদ লাভ অলিম্পিক বিজয়ী নীৰজ চোপ্ৰাৰ । ফাইনেলত ৮৮.১৭ মিটাৰ থ্ৰ'ৰ সৈতে বুডাপেষ্টত ইতিহাস চোপ্ৰাৰ । চোপ্ৰাৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশ ।

Neeraj Chopra win gold
এই পদক সকলো ভাৰতীয়ৰ বাবে

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:13 AM IST

স্পৰ্টছ ডেস্ক, ২৮ আগষ্ট :বুডাপেষ্টত উৰিল ভাৰতৰ ত্ৰিৰংগা । পুনৰ এবাৰ বিশ্বৰ বুকুত ভাৰতৰ নাম উজলালে অলিম্পিক বিজয়ী জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই । বুডাপেষ্টত আয়োজিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল । স্বৰ্ণ জয়ৰ পাছতে নীৰজ চোপ্ৰাই এই পদক সকলো ভাৰতীয়ৰ বাবে উছৰ্গা কৰে । নিশা বহু দেৰিলৈ প্ৰতিযোগিতাখন উপভোগ কৰা ভাৰতৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে বহু প্ৰত্যাশিত ফাইনেলত নীৰজে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী পাকিস্তানৰ নাদিমক পৰাস্ত কৰি প্ৰথম ভাৰতীয় এথলেটিকছ বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয় । আনন্দ প্ৰকাশ কৰি চোপ্ৰাই কয় যে, তেওঁ এতিয়া অলিম্পিক চেম্পিয়ন লগতে বিশ্ব চেম্পিয়ন । ভাৰতীয়সকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাই আৰু দেশখনে অধিক অৰ্জন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি নীৰজে কয় যে, ভাৰতীয়সকলে বিভিন্ন ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি থাকক । পৃথিৱীত ভাৰতে এটা নাম প্ৰতিষ্ঠা কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ।

অলিম্পিক পদক বিজয়ী চোপ্ৰাই পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টৰ ফাইনেলত ৮৮.১৭ মিটাৰ থ্ৰ'ৰ সৈতে বুডাপেষ্টত ইতিহাস ৰচনা কৰে । পাকিস্তানৰ কমনৱেলথ গেমছ চেম্পিয়ন আৰ্ছাদ নাদিমে তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ' ৮৭.৮২ মিটাৰ দলিয়াইছিল । নীৰজৰ উপৰিও আন দুগৰাকী ভাৰতীয় ক্ৰমে কিশোৰ জেনা আৰু ডিপি মানুৱে শীৰ্ষ অষ্টম স্থান লাভ কৰে । কিশোৰ জেনাই ৮৪.৭৭ মিটাৰ আৰু ডিপি মানুৱে ৮৪.১৪ মিটাৰ থ্ৰ' কৰিবলৈ সক্ষম হয় । নীৰজে তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত ৮৮.১৭ মিটাৰ দলিয়াই ইতিহাস ৰচনা কৰে আৰু ভাৰতৰ প্ৰথম বিশ্ব এথলেটিকছ স্বৰ্ণ জয়ী হিচাপে পৰিগণিত হয় ।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত চোপ্ৰাই সোণৰ পদক লাভ কৰাৰ পাছতে খেলুৱৈগৰাকীৰ বাসগৃহ হাৰিয়ানাৰ পানীপথত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ইফালে বুডাপেষ্টত এই স্বৰ্ণ জয়ৰ পাছতে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজৰ দ্বিতীয় পদক । ইয়াৰপূৰ্বে তেওঁ যোৱা বছৰ ৰূপৰ পদক লাভ কৰিছিল ।

লগতে পঢ়ক :World Athletics Championships 2023 : বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

ABOUT THE AUTHOR

...view details