অসম

assam

নীৰজৰ শিৰত আন এক অভিলেখ

By

Published : Jun 15, 2022, 10:59 AM IST

ফিনলেণ্ডত অনুষ্ঠিত পাভো নুৰ্মি গেমছত আন এক অভিলেখ অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা(India's Olympic gold medallist Neeraj Chopra)ৰ ৷ জেভলিন থ্ৰোৰ পৃথিৱীত সোণৰ মানদণ্ড বুলি গণ্য কৰা ৯০ মিটাৰ সীমা স্পৰ্শ নীৰজৰ ৷ অৱশ্যে নিজৰ অভিলেখ ভংগ কৰিলেও ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় খেলুৱৈগৰাকী ।

Neeraj Chopra creates new record
নীৰজৰ শিৰত আন এক অভিলেখ

স্পৰ্টছ ডেস্ক, ১৫ জুন :অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা(India's Olympic gold medallist Neeraj Chopra)ই ফিনলেণ্ডৰ পাভো নুৰ্মি গেমছ(Paavo Nurmi Games in Finland)ত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় । নীৰজ চোপ্ৰাই পাভো নুৰ্মি গেমছত ৮৯.৩০ মিটাৰ থ্ৰোৰে নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে ৷ অৱশ্যে, ৮৯.৩০ মিটাৰ সৰ্বশ্ৰেষ্ঠ থ্ৰো কৰা স্বত্বেও নীৰজে প্ৰতিযোগিতাখনত ৰূপৰ পদকত সন্তুষ্ট হ'ব লগা হয় ।

নীৰজ চোপ্ৰাই ২০২১ চনৰ ৭ আগষ্টত টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ থ্ৰোৰে স্বৰ্ণ পদক অৰ্জন কৰিছিল ৷ অলিম্পিকৰ পাছত পাভো নুৰ্মি গেমছ হৈছে নীৰজৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা । তেওঁ ইয়াৰ পূৰ্বে নীৰজে এই থ্ৰোৰে বিগত বৰ্ষৰ মাৰ্চত পাটিয়ালাত স্থাপন কৰা নিজৰ ৮৮.০৭ মিটাৰ থ্ৰো ভংগ কৰিছিল ।

পাভো নুৰ্মি গেমছত তেওঁৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ স্বত্বেও টুৰ্ণামেণ্টখনত অলিভাৰ হেলেণ্ডাৰতকৈ পিছ পৰি থাকিব লগা হয় । নীৰজে টুৰ্ণামেন্টখনত দ্বিতীয় স্থান লাভ কৰে । আনহাতে অলিভাৰ হেলেণ্ডাৰ ৮৯.৯৩ মিটাৰ থ্ৰোৰে ব্যক্তিগত শ্ৰেষ্ঠতা অৰ্জন কৰি প্ৰথম স্থানত থাকে । ইফালে, গ্ৰানাডাৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ৮৬.৬০ মিটাৰ থ্ৰো কৰি তৃতীয় স্থান লাভ কৰে ।

নীৰজ চোপ্ৰাৰ বাবে এইটো এক ঐতিহাসিক মূহুৰ্ত আছিল ৷ কিয়নো তেওঁ নিজৰ আকাংক্ষিত ৯০ মিটাৰ সীমা স্পৰ্শ কৰিছিল, যাক জেভলিন থ্ৰো পৃথিৱীত সোণৰ মানদণ্ড বুলি গণ্য কৰা হয় । নীৰজে তুৰ্কীত তেওঁৰ অনুশীলনৰ সময়ত কৈছিল, "মই দূৰত্বৰ চাপ নলওঁ । মোৰ সপোন হৈছে ৯০ মিটাৰ অতিক্ৰম কৰা আৰু মই এই বছৰ চেষ্টা কৰিম ।"

লগতে পঢ়ক :National Athletics Championship 2022: হিমা দাসৰ সোণৰ পদক অৰ্জন

ABOUT THE AUTHOR

...view details