স্পৰ্টছ ডেস্ক, 6 অক্টোবৰ : ভাৰতত অনুষ্ঠিত হোৱা প্ৰথমখন এনবিএ মেচৰ পাছতে এই সম্পৰ্কত প্ৰতিক্ৰিয়া আগবঢ়াইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই মেচ ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ এক ঐতিহাসিক মুহূৰ্ত বুলি মন্তব্য কৰে মোডীয়ে ৷
টুইটাৰৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে, "কালিৰ দিনটো ভাৰত আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত এক ঐতিহাসিক দিন ৷ ভাৰতৰ প্ৰথমখন এনবিএ মেচ মুম্বাইত অনুষ্ঠিত হ'ল ৷ পেচাৰছ আৰু ছেক্ৰামেন্ট' কিংছ দলৰ মাজত অনুষ্ঠিত মেচখনে দৰ্শকক মুহিবলৈ সক্ষম হয় ৷ তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰিলো ৷"