অসম

assam

ETV Bharat / sports

হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত বাস্কেটবলাৰ ক’বে ব্ৰায়ন্ট

এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল NBA ৰ প্ৰাক্তন বাস্কেটবলাৰ ক’বে ব্ৰায়ন্ট ৷ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হয় খেলুৱৈ সহ আঠগৰাকীকৈ লোক ৷

By

Published : Jan 27, 2020, 5:09 PM IST

হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত বাস্কেটবলাৰ ক’বে ব্ৰায়ন্ট
হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত বাস্কেটবলাৰ ক’বে ব্ৰায়ন্ট

স্পৰ্টছ ডেস্ক, 27 জানুৱাৰীঃ খেলজগতৰ বাবে আজি পুৱাই আহিল এক দুঃখবৰ ৷ এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল NBA ৰ প্ৰাক্তন বাস্কেটবলাৰ খেলুৱৈ ক’বে ব্ৰায়ন্টৰ ৷ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হয় খেলুৱৈগৰাকী ৷

হেলিকপ্টাৰ দুৰ্ঘটনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা

আমেৰিকাৰ কেলিফ’ৰ্নিয়াত এখন ব্যক্তিগত হেলিকপ্টাৰৰে ভ্ৰমণ কৰি থকা সময়তে অগ্নিসংযোগ হৈ এই দুৰ্ঘটনাত ক’বী ব্ৰায়ন্টৰ লগতে তেওঁৰ 13 বছৰীয়া কন্যা গিয়ানা সহ মুঠ 9 জন লোকৰ মৃত্যু হয় ৷

খেলুৱৈগৰাকীৰ অকাল মৃত্যুত বিশ্ব ক্ৰীড়াপ্ৰেমীৰ মাজত পৰিছে শোকৰ ছাঁ ৷ NBA য়ে খেলুৱৈগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে নিউ আৰলিয়ন্স পেলিকন আৰু বোষ্টন ছেল্টিক্সৰ মাজৰ অনুষ্ঠিত মেচত ব্ৰায়ন্টৰ সন্মানৰ বাবে 24 ছেকেণ্ড পলমকৈ আৰম্ভ কৰে ৷

ইপিনে টেনিছ তাৰকা খেলুৱৈ ৰাফেল নাডালেও খেলুৱৈগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, মোৰ পুৱাটো আজি এক দুখজনক খবৰৰে আৰম্ভ হৈছে ৷ ক’বী বিশ্বৰ এগৰাকী মহান খেলুৱৈ আছিল ৷ মই আচম্বিত হৈছো ৷ মোৰ সমবেদনা তেওঁৰ পৰিয়ালবৰ্গলৈ ৷

ৰাফেল নাডালৰ প্ৰতিক্ৰিয়া

খেলুৱৈগৰাকীৰ মৃত্যুত ফুটবল জগতৰ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোয়ো দুখ প্ৰকাশ কৰি কয়, ক’বী আৰু জীয়েকৰ মৃত্যুত দুখিত হৈছো ৷ মোৰ পৰিয়াললৈ সমবেদনা ৷ ক’বী এজন কিংবদন্তী খেলুৱৈ ৷

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ প্ৰতিক্ৰিয়া

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগেও খেলুৱৈগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি আত্মাৰ শান্তিৰ কামনা কৰে ৷

বিৰেন্দ্ৰ ছেহৱাগৰ প্ৰতিক্ৰিয়া

ক’বে ব্ৰায়ন্টে নিজৰ 20 বছৰৰ কেৰিয়াৰত 5 খন চেম্পিয়নশ্বিপ নিজৰ নাম কৰিবলৈ সক্ষম হৈছে ৷ 18 বাৰৰ বাবে তেওঁৰ অল ষ্টাৰ বাবে মনোনিত কৰা হৈছিল ৷ 2008 চনত আৰু 2012 চনৰ অলম্পিকত আমেৰিকাৰ হৈ 2 টা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ 2016 চনত এনবিএৰ তৃতীয় অল টাইম বৃহৎ স্ক’ৰাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details