অসম

assam

ETV Bharat / sports

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান : আবেদনৰ সময়সীমা বৃদ্ধি, স্ব-মনোনয়নৰ বাবে অনুমতি প্ৰদান - ক্ৰীড়া মন্ত্ৰণালয়

পূৰ্বে বুধবাৰৰ দিনটো মনোনয়নৰ অন্তিম দিন হিচাপে ঘোষণা কৰা হৈছিল যদিও বৰ্তমান 22 জুনলৈ বৃদ্ধি কৰা হয় ৷ আবেদন পত্ৰত উল্লেখিত মনোনয়ন প্ৰদান কৰা লোকৰ অংশটো খালী ৰাখিব পাৰিব আবেদনকাৰীয়ে ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান
ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু

By

Published : Jun 4, 2020, 11:59 AM IST

স্পৰ্টছ ডেস্ক, 4 জুন : ক্ৰীড়া মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মানৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি কৰি 22 জুন ধাৰ্য কৰিছে ৷ এতিয়াৰে পৰা COVID-19 লকডাউনৰ ফলত অনুমোদন লাভত বাধা আহি পৰা বাবে স্ব-মনোনয়ন প্ৰদান কৰিব পাৰিব এথলীট সকলে ৷

পূৰ্বে বুধবাৰৰ দিনটো মনোনয়নৰ অন্তিম দিন হিচাপে ঘোষণা কৰা হৈছিল যদিও বৰ্তমান 22 জুনলৈ বৃদ্ধি কৰা হয় ৷ ক্ৰীড়া বিভাগৰ এখন ছাৰ্কুলাৰত জনোৱা হৈছে "...কেৱল প্ৰশাসন/ব্যক্তিৰ দ্বাৰা মনোনয়নৰ জৰিয়তে আবেদন গ্ৰহণ কৰা সন্দৰ্ভত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা হৈছে ৷ আবেদন পত্ৰত উল্লেখিত মনোনয়ন প্ৰদান কৰা লোকৰ অংশটো খালী ৰাখিব পাৰিব ৷"

উল্লেখ্য যে, কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে মন্ত্ৰণালয়ে কেৱল ই-মেইল আবেদনৰহে পোষকতা কৰিছে ৷

নিৰ্ধাৰিত নিয়ম অনুসৰি, ৰাষ্ট্ৰীয় সন্মানৰ বাবে ৰাষ্ট্ৰীয় ফেডাৰেছন, ক্ৰীড়া বৰ্ড আৰু প্ৰাক্তন বঁটা প্ৰাপক সকলে মনোনয়ন প্ৰদান কৰিব লাগে ৷

ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এক বিবৃতিত বুধবাৰে কয় যে, এথলীট সকলৰ বাবে মনোনয়ন প্ৰক্ৰিয়া সহজ কৰি তুলিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

ৰিজিজুয়ে কয়, "বৰ্তমান দেশৰ পৰিস্থিতি অসামান্য ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ মনোনয়ন প্ৰক্ৰিয়া সহজ কৰি তুলিলে এথলীট সকলে সমস্যাৰ সন্মুখীন হ'ব লগা নহ'ব ৷"

এই শিথিলতা প্ৰদান কৰাৰ ফলত কোনো লোকৰ অনুমোদন লাভ কৰিবলৈ সক্ষম নোহোৱা খেলুৱৈসকলে এক সুযোগ লাভ কৰিব ৷ উল্লেখ্য যে, 29 আগষ্টত হকীৰ কিংবদন্তি ধ্যানচান্দৰ জন্ম দিৱসৰ দিনা ৰাজীৱ গান্ধী খেল ৰত্নৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মানসমূহ প্ৰদান কৰা হয় ৷

ABOUT THE AUTHOR

...view details