স্পৰ্টছ ডেস্ক, 27 নৱেম্বৰ: কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ 2022 ত দেওবাৰে সংঘটিত হৈছে এক ডাঙৰ অঘটন(FIFA World Cup 2022) ৷ ফিফা ৰেংকিঙত 2 নং স্থানপ্ৰাপ্ত দল বেলজিয়ামৰ বিৰুদ্ধে ডাঙৰ বিজয় সাব্যস্ত কৰিছে ২২ তম স্থানত থকা মৰক্কোৱে(Lacklustre Belgium deservedly beaten by Morocco) । বিশ্বৰ 2 নম্বৰ দল বেলজিয়ামে এটাও গ'ল কৰিব নোৱাৰিলে মৰক্কোৰ বিৰুদ্ধে ।
মৰক্কোৱে 2-0 গ'লত পৰাস্ত কৰে বেলজিয়ামক ৷ মৰক্কোৰ হৈ খেলখনত আব্দেল হামিদ চাবিৰীয়ে প্ৰথমটো গ’ল কৰিছিল । চাবিৰীয়ে 73 তম মিনিটত ফ্ৰী-কিকত পোনপটীয়া গ'ল কৰে । পোনপটীয়া ফ্ৰী কিকত এইটো এই বিশ্বকাপৰ প্ৰথমটো গ'ল ।