অসম

assam

By

Published : Dec 11, 2022, 7:53 AM IST

ETV Bharat / sports

Portugal vs Morocco match: ইতিহাসৰ সূচনা কৰি মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় দিলে ৰোণাল্ডো বাহিনীক

পৃথিৱীৰ ২৪ শতাংশ ভূখণ্ড দখল কৰা ৪০ কোটিতকৈ অধিক লোকে আফ্ৰিকা মহাদেশখনৰ একমাত্ৰ প্ৰতিনিধি মৰক্কোৱে তাৰকাৰে ভৰা পৰ্তুগালক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে (Portugal vs Morocco live updates)। ফিফা বিশ্বকাপৰ ইতিহাসত কোৱাৰ্টাৰ ফাইনেল অতিক্ৰম কৰা একমাত্ৰ আফ্ৰিকান দল হিচাপে পৰিগণিত হয় তেওঁলোক (FIFA World Cup)।

Football World Cup updates
Football World Cup updates

নিউজ ডেস্ক, 11 ডিচেম্বৰ: ইতিহাসৰ সূচনা ফিফা বিশ্বকাপ 2022 ৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত (FIFA world cup 2022)! মেচখনক মৰক্কোৰ বিৰুদ্ধে পৰ্তুগালে মৰক্কোক পৰাস্ত কৰি ছেমিফাাইনেলত প্ৰৱেশ কৰিব বুলিয়েই প্ৰায় সংখ্যকে ধাৰণা কৰিছিল ৷ কিয়নো পৰ্তুগালৰ হৈ দুভৰিৰ যাদুৰে খেল পথাৰত নামিছিল ক্ৰিষ্টিয়ানো ৰোণাল্ডো ৷ পিছে পৰ্তুগাল তথা ৰোণাল্ডোৰ অনুৰাগীক আচৰিত কৰি মৰক্কোৱে ৰচিলে ইতিহাস ৷ 1-0 গ’লত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলতে যাত্ৰা সামৰিলে পৰ্তুগালে (Morocco beats Portugal in FIFA quarter final) ৷

পৃথিৱীৰ ২৪ শতাংশ ভূ-খণ্ড আগুৰি থকা, ৪০ কোটিতকৈও অধিক লোকৰ বসতি স্থল আফ্ৰিকা মহাদেশখনৰ একমাত্ৰ প্ৰতিনিধি মৰক্কোৱে তাৰকা খেলুৱৈৰে ভৰা পৰ্তুগালক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে (African nation to qualify for semifinals at FIFA) । ফিফা বিশ্বকাপৰ ইতিহাসত কোৱাৰ্টাৰ ফাইনেল অতিক্ৰম কৰা একমাত্ৰ আফ্ৰিকান দল হিচাপে পৰিগণিত হয় মৰক্কো ।

ফিফা বিশ্বকাপ 2022 ৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

পৰাজয়ৰ পাচত কিংবদন্তি ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ চকুত চকুলো দেখা গৈছিল (Portugal vs Morocco match) । সম্ভৱতঃ তেওঁৰ খেলুৱৈ জীৱনত ফুটবলৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰটো লাভৰ সম্ভাৱনাৰ অন্ত পৰিব৷ মধ্যপ্ৰাচ্যত অনুষ্ঠিত হোৱা প্ৰথমখন বিশ্বকাপত যেন গৌৰৱৰ ঢৌৰ সৃষ্টি কৰিছে মৰক্কোৱে ৷ গ্ৰুপ পৰ্যায়ৰ পৰাই অসম্ভৱ যেন লগা জয়ৰ দৌৰ অব্যাহত ৰাখি, কালিৰ খেলখনত ৪২ মিনিটত ইউছেফ এন-নেছিৰীয়ে বিজয়ী গ’লটো দিয়ে ।

ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৩৭ বছৰীয়া ৰোণাল্ডোৱে ক্ৰমাগত দ্বিতীয়খন খেলত আৰম্ভণি নকৰি ৫১ মিনিটত বিকল্প হিচাপে খেলপথাৰত প্ৰৱেশ কৰি ষ্টপেজ টাইমত সমতা স্থাপনৰ সুযোগ হেৰুৱায় । পাঁচবাৰকৈ বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ কৃত্বিত্ব অৰ্জনকাৰী ৰোণাল্ডোৱে বিশ্বকাপ দখল নকৰাকৈ বা কেতিয়াও ফাইনেলত প্ৰৱেশ নকৰাকৈয়ে নিজৰ কেৰিয়াৰৰ অন্ত পেলাবলৈ কৰিবলৈ সাজু হৈছে । কোৱাৰ্টাৰ ফাইনেল খেলখনৰ চূড়ান্ত হুইচেলৰ পিছত তেওঁ খেলপথাৰৰ পৰা ওলাই আহে আৰু ড্ৰেছিং ৰুমলৈ গৈ থাকোঁতে ক্ৰন্দনৰত দেখা গৈছিল ৰোণাল্ডোক । ছেমিফাইনেলত এতিয়া মৰক্কোৱে ফ্ৰান্সৰ বিৰুদ্ধে খেলিব ।

মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় দিলে ৰোণাল্ডো বাহিনীক

ফুটবল বিশ্বকাপৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তৰ সাক্ষী হ’ল মৰক্কো-পৰ্তুগালৰ খেল উপভোগকাৰীসকল ৷ অৱশেষত আফ্ৰিকান ৰাষ্ট্ৰ এখনো ফুটবল বিশ্বকাপত সাধাৰণতে কেৱল ইউৰোপীয় বা দক্ষিণ আমেৰিকাৰ দলসমূহেহে পোৱা স্তৰলৈ আগবাঢ়িছে । কেমেৰুণ (১৯৯০), চেনেগাল (২০০২) আৰু ঘানা (২০১০) আটাইকেইখন দেশেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও আৰু আগবাঢ়িব পৰা নাছিল ।

মৰক্কো দলটোলৈ মন কৰিলে আচৰিত হ’ব দৰ্শকসকল ৷ দলটোত আছে ফ্ৰান্সত জন্মগ্ৰহণ কৰা প্ৰশিক্ষক ৱালিদ ৰেগ্ৰাগুইৰ আৰু বিদেশত জন্মগ্ৰহণ কৰা ১৪ জন খেলুৱৈ ৷ কিন্তু আৰব বিশ্বত একত্ৰিত হৈছে তেওঁলোক ৷ বিভিন্ন দেশৰ অনুৰাগীৰ পৰা আৰবত পৰিচয়ৰ প্ৰদৰ্শনৰ প্ৰেৰণা পাইছে মৰক্কোৱে । দ্বিতীয় স্থানৰ বেলজিয়াম আৰু সহযোগী ছেমিফাইনেলিষ্ট ক্ৰ’ৱেচিয়াৰ সৈতে একেটা গ্ৰুপত শীৰ্ষস্থানত আছিল মৰক্কো ৷

২০২৬ চনত আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ সময়লৈকে ৪১ বছৰীয়া হ’বলগীয়া ৰোণাল্ডোৱে ২০০৬ চনৰ পিছত মাত্ৰ দ্বিতীয়বাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল । যিমানেই চেষ্টা নকৰক কিয়, তেওঁ কষ্টেৰে এই ষ্টপেজ টাইমলৈকে তেওঁ মৰক্কোৰ ডিফেন্সৰ পিছফালে দীঘলীয়া কৈ শ্বট লৈছিল । তেওঁৰ এটা ল’ শ্বট ৰক্ষা কৰে গ’লৰক্ষক ইয়াছিন ব’ন’ৱে (Football World Cup updates) ৷

ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ চকুত চকুলো

মৰক্কোৰ বিকল্প খেলুৱৈ ৱালিদ চেদ্দিৰাক খেলৰ শেষৰ সমতয়ত দ্বিতীয়খন হালধীয়া কাৰ্ড সংগ্ৰহ কৰাৰ পাচত মৰক্কোৰ হৈ ৰঙা কাৰ্ড দেখুওৱা হয় । ইয়াৰ পিছতে পৰ্তুগালৰ চেণ্টাৰ বেক পেপেই ছয় গজৰ বক্সৰ ভিতৰৰ পৰা হেড কৰি ৱাইড কৰে । লগ লগে কেল পথাৰতে হতাশাত আঁঠু লৈ পৰে ৰোণাল্ডোৱে । লিঅ’নেল মেছিয়ে আৰ্জেণ্টিনাৰ সৈতে ছেমিফাইনেলত অংশগ্ৰহণ কৰাৰ বিপৰীতে এই প্ৰজন্মৰ আনজন মহান ফুটবল খেলুৱৈয়ে প্ৰৱেশ কৰিব নোৱাৰিলে ৷

শনিবাৰে আল থুমামা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালক ১-০ গ’লত পৰাস্ত কৰি মৰক্কোৱে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰা প্ৰথমখন আফ্ৰিকান ৰাষ্ট্ৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে (Football World Cup updates)। ৪২ মিনিটত ইউছেফ এল-নেছিৰী একমাত্ৰ নিৰ্ণায়ক গ’লটো প্ৰদান কৰে৷ নেছিৰিৰ হেডাৰৰ সহায়ত মৰক্কোৱে অগ্ৰগতি লাভ কৰে । পৰ্তুগালে দুটামান সুযোগ লাভ কৰিছিল যদিও সফল নহ’ল ৷ শেষৰ ফালে পৰ্তুগালৰ ব্ৰুনো ফাৰ্নাণ্ডেছে প্ৰায় সমতা স্থাপন কৰিছিল যদিও তেওঁৰ কিকটোৱে ক্ৰছবাৰত খুন্দা মপৰাত বলটো বাহিৰলৈ আহে ।

মৰক্কোৱে অগ্ৰগতি লাভ কৰাৰ কিছু সময়ৰ পিছতে পৰ্তুগালৰ পেনাল্টি দাবী নাকচ কৰা হয় । প্ৰথমাৰ্ধৰ শেষৰ পাঁচ মিনিটত খেলখনে প্ৰাণ পাই উঠিল । ১৯৮৬ চনৰ বিশ্বকাপত মৰক্কোৱে পৰ্তুগালক পৰাস্ত কৰিছিল ৷ এইবাৰ তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হোৱাৰ বিপৰীতে ইউৰোপীয় দলটোৱে দ্বিতীয়খন খেলত ২০১৮ চনত ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ গ’লৰ জৰিয়তে মৰক্কোক পৰাস্ত কৰে৷ পুনৰ 2022 ত এইবাৰ মৰক্কোৱে পৰাস্ত কৰিলে পৰ্তুগালক ৷

ABOUT THE AUTHOR

...view details