অসম

assam

মৰিগাঁৱত জিলা ভিত্তিত ভাৰোত্তোলন প্ৰতিযোগিতা

By

Published : Aug 25, 2019, 5:45 PM IST

Updated : Aug 25, 2019, 6:00 PM IST

মৰিগাঁৱত জিলা ভিত্তিত পুৰুষ-মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতা । মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ 25খন জিলাৰ 200 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

মৰিগাঁৱত জিলা ভিত্তিত ভাৰত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও, 25 আগষ্টঃ মৰিগাঁৱত জিলা ভিত্তিত পুৰুষ-মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হয় । মৰিগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাখন উদ্ধোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । জিলাখনত প্ৰথমবাৰৰবাবে জিলা ভিত্তিত ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হয় । মৰিগাঁও জিলা সমিতিৰ আমন্ত্ৰণত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পুৱা পতাকা উত্তোলন কৰে ৰাজ্যিক সমিতি সভাপতি মজনুৰ আলি আৰু জিলা সমিতি সভাপতি অজিত শৰ্মাই ।

মৰিগাঁৱত জিলা ভিত্তিত ভাৰত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত

আনহাতে দুপৰীয়া ভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি মুকলি কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে । উদ্ধোধনী সভাত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই খেলুৱৈসকলক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।

Last Updated : Aug 25, 2019, 6:00 PM IST

ABOUT THE AUTHOR

...view details