স্পৰ্টছ ডেস্ক,১১ জুন :"যেতিয়া এগৰাকী ব্যক্তি চাপত থাকে তেন্তে তেওঁক কথাবোৰ ক'বলৈ বাধ্য কৰিব পাৰি ।" ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰত নিজৰ বক্তব্য সলনি কৰা নাবালিকা খেলুৱৈৰ পিতৃৰ কথা উল্লেখ কৰি এই মন্তব্য কৰে মল্লযুঁজাৰু বজৰং পুনিয়াই (Bajrang Punia on wrestler protest)।
তেওঁ লগতে কয় যে, যদি চৰকাৰৰ আশ্বাস অনুসৰি ১৫ জুনৰ ভিতৰত গোচৰটোৰ অভিযোগনামা দাখিল কৰা নহয়, তেন্তে মল্লযুঁজাৰুসকলে এক বৃহৎ প্ৰতিবাদ কৰিব (Wrestler to protest again)। পুনিয়াই কয় যে, তেওঁ দণ্ডাধীশ বা খেলুৱৈগৰাকীৰ পিতৃৰ মন্তব্যৰ আগত নাবালিকাৰ বক্তব্য সলনি কৰাৰ বিষয়ে কোনো মন্তব্য নকৰে ।
পুনিয়াই উল্লেখ কৰা মতে নাবালিকা মল্লযুঁজাৰুগৰাকীৰ পিতৃয়ে কৈছে যে তেওঁ সকলো ফালৰ পৰা যথেষ্ট চাপত আছিল । পিতৃৰ এই কথাখিনি সংবাদ মাধ্যমে দেখুওৱা নাছিল বুলিও পুনিয়াই দাবী কৰে । ভাষ্য সলনি কৰাৰ কথা দেখুওৱা হৈছে যদিও কি কাৰণত এই ভাষ্য সলনি কৰিলে তাক দেখুওৱা হোৱা নাই । পুনিয়াৰ মতে ব্ৰীজ ভূষণৰ দৰে লোকে কোনো চাপ নোহোৱাকৈ বাহিৰত ঘূৰি ফুৰিব আৰু নাবালিকাৰ পিতৃয়ে কৈছে যে, তেওঁ চাপত আছে আৰু গোটেই পৰিয়ালটো হতাশাত ভুগি আছে ।