অসম

assam

By

Published : Jun 4, 2021, 2:28 PM IST

ETV Bharat / sports

পুনৰ চিকিৎসাধীন ক্ৰীড়া তাৰকা মিলখা সিং

বৃহস্পতিবাৰে 'ফ্লাইং শিখ' খ্যাত মিলখা সিঙৰ দেহত অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ লগে লগে চণ্ডীগড়ৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁক বিয়লি প্ৰায় ৩.৩৫ বজাত চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (পিজিআইএমইআৰ) আইচিইউত ভৰ্তি কৰোৱা হয় । ক্ৰীড়াবিদ গৰাকীৰ পত্নী নিৰ্মাল কৌড়কো শনিবাৰে অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ পিছতে হাস্পতালৰ আইচিইউলৈ স্থানাস্তৰিত কৰা হৈছে ।

Milkha Singh Admitted To Hospital
পুনৰ চিকিৎসাধীন ক্ৰীড়া তাৰকা মিলখা সিং

স্পৰ্টছ ডেস্ক,৪ জুন:ভাৰতৰ ক্ৰীড়া জগতৰ তাৰকা মিলখা সিং পুনৰ অসুস্থ । বৃহস্পতিবাৰে 'ফ্লাইং শিখ' খ্যাত ক্ৰীড়াবিদ গৰাকীৰ দেহত অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ লগে লগে চণ্ডীগড়ৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁক বিয়লি প্ৰায় ৩.৩৫ বজাত চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (পিজিআইএমইআৰ) আইচিইউত ভৰ্তি কৰোৱা হয় । হাস্পতালখনৰ মুখপাত্ৰ অশোক কুমাৰে জনোৱা মতে সম্প্ৰতি ক্ৰীড়া তাৰকাগৰাকীক পৰ্যবেক্ষণত ৰখা হৈছে আৰু এতিয়া তেওঁৰ স্বাস্থ্য সুস্থিৰ হৈ আছে ।

উল্লেখ্য যে ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত যোৱা মাহত এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও পৰিয়ালৰ অনুৰোধত ৯১ বছৰীয়া মিলখা সিঙক দেওবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছিল । ইফালে ক্ৰীড়াবিদ গৰাকীৰ পত্নী নিৰ্মাল কৌড়কো শনিবাৰে অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ পিছতে হাস্পতালৰ আইচিইউলৈ স্থানাস্তৰিত কৰা হৈছে ।

জানিব পৰা মতে তেওঁলোকৰ পুত্ৰ তথা এছ গল্ফাৰ জীব মিলখা সিঙ শনিবাৰে ডুবাইৰ পৰা চণ্ডীগড়ত উপস্থিত হৈছে আৰু তেওঁলোকৰ কন্যা মনাও কেইদিনমান আগতে মোহালিত উপস্থিত হৈছে । ।

উল্লেখ্য যে এছিয়ান গেমছত চাৰিবাৰ স্বৰ্ণ পদক বিজয়ী আৰু ১৯৫৮ চনৰ কমনৱেলথ গেমছৰ চেম্পিয়ন মিলখা সিং। ১৯৬০ চনৰ ৰোম অলিম্পিকত ৪০০ মিটাৰ দৌৰত তেওঁৰ চতুৰ্থ স্থানৰ বাবেও তেওঁক স্মৰণ কৰা হয় । মিলখা সিঙক ১৯৫৯ চনত পদ্মশ্ৰী প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক:এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ

ABOUT THE AUTHOR

...view details