অসম

assam

ETV Bharat / sports

জাতিগত সমতাৰ বাবে 100 মিলিয়ন ডলাৰ প্ৰতিশ্ৰুতি মাইকেল জৰ্ডানৰ

আমেৰিকাত নৃশংস ভাৱে হত্য়া কৰা হৈছিল জৰ্জ ফ্লয়েড নামৰ এগৰাকী কৃষ্ণাংগ লোকক । আমেৰিকাৰ এগৰাকী আৰক্ষী কৰ্মীৰ দ্বাৰা বৰ্বতাৰে হত্য়া কৰা হৈছিল লোকজনক । এই ঘটনাৰ পাচতেই আমেৰিকাত সূচনা হৈছিল ব্যাপক প্ৰতিবাদৰ সূচনা । 'Black Lives Matter' প্ৰতিবাদৰ পাচতেই জাতিগত সমতাৰ বাবে 100 মিলিয়ন ডলাৰ খৰচৰ প্ৰতিশ্ৰুতি মাইকেল জৰ্ডানৰ ।

Michael Jordan pledges USD 100 million to fight for racial equality
Michael Jordan pledges USD 100 million to fight for racial equality

By

Published : Jun 6, 2020, 3:26 PM IST

স্পৰ্টছ ডেস্ক, 6 জুনঃ শুকুৰবাৰে কিংবদন্তি বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানৰ এক বিশেষ ঘোষণা । জাতিগত সমতা,সামাজিক ন্যায়,শিক্ষা ব্য়ৱস্থা অধিক সূদূৰ প্ৰসাৰী সুনিশ্চিত কৰিবলৈ আগন্তুক 10 টা বৰ্ষত 100 মিলিয়ন আমেৰিকান ডলাৰ খৰচ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান খেলুৱৈগৰাকীৰ ।

মাইকেল জৰ্ডান

আমেৰিকাত এগৰাকী আৰক্ষী কৰ্মীৰ দ্বাৰা বৰ্বতাৰে জৰ্জ ফ্লয়েড নামৰ কৃষ্ণাংগ লোকজনক হত্য়া কৰা পাচতেই আমেৰিকাত উদ্ভৱ হোৱা 'Black Lives Matter' প্ৰতিবাদৰ পাচতেই এই ঘোষণা খেলুৱৈগৰাকীৰ ।

ছয়বাৰৰ NBA চেম্পিয়ন মাইকেল জৰ্ডান আৰু জৰ্ডান ব্ৰেণ্ডে এই খৰচ বহন কৰিব বুলি জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে সোমবাৰে লোকজনৰ হত্যাকাণ্ডত শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাই তেওঁক ক্ষোভিত কৰি তুলিছিল বুলি উল্লেখ কৰিছিল । সেয়েহে সমাজত জাতিগত সমতা,সামাজিক ন্যায়, শিক্ষা ব্য়ৱস্থা অধিক সূদূৰ প্ৰসাৰী কৰিবলৈ এই ধনৰাশী ব্য়য়ৰ কথা ঘোষণা কৰিছে খেলুৱৈগৰাকীয়ে ।

লগতে চাওকঃ স্থান দখলেৰে শিলচৰলৈ গৌৰৱ কঢ়িয়ালে দুগৰাকী ছাত্ৰীয়ে

ABOUT THE AUTHOR

...view details