অসম

assam

By

Published : Jan 21, 2020, 7:14 PM IST

ETV Bharat / sports

মেয়টন কাপত স্বৰ্ণ পদক অৰ্জন অপূৰ্বী চান্দেলাৰ

অষ্ট্ৰিয়াত চলি থকা 2020 বৰ্ষৰ মেয়টন কাপৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত সোণৰ পদক অৰ্জন কৰিলে ভাৰতীয় শ্বুটাৰ অপূৰ্ভী চান্দেলাই ৷

মেয়টন কাপত স্বৰ্ণ পদক অৰ্জন অপূৰ্বী চান্দেলাৰ
মেয়টন কাপত স্বৰ্ণ পদক অৰ্জন অপূৰ্বী চান্দেলাৰ

স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃমঙলবাৰে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ভাৰতীয় শ্বুটাৰ অপূৰ্ভী চান্দেলাই ৷ মেয়টন কাপৰ 10 মিটাৰ এয়াৰ ৰাইফল শাখাসোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ মেচখনত251.4 পইণ্টেৰে শীৰ্ষস্থান লাভ কৰি সোণৰ পদক জিকিবলৈ সক্ষম হয় চান্দেলাই ৷

অপূৰ্বী চান্দেলাৰ সাফল্য

আনহাতে ভাৰতৰ হৈ এই শাখাতেই 229 পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে অঞ্জুম মৌডগিলে ৷ খেলুৱৈ দুগৰাকীৰ সাফল্যত ভাৰতীয় ক্ৰীড়া সংস্থাইও টুইটযোগে অভিনন্দন জ্ঞাপন কৰে ৷

অপূৰ্বী চান্দেলাৰ পদক

ইফালে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত দিব্যাংশ সিং পনৱাৰে সোণৰ পদক লাভকৰাৰ বিপৰীতে দীপক কুমাৰে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ৷

ABOUT THE AUTHOR

...view details