স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী :ভাৰতীয় মহিলা হকী দলৰ বাবে পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ অন্তিম সুযোগ । আজি ভাৰতীয় দলটোৱে জাপানৰ মুখামুখি হ'ব । অলিম্পিক কোৱালিফায়াৰত এইখন মেচ ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । খেলখনত যদি ভাৰতীয় দলটোৱে জয়লাভ কৰে তেনেহ'লে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সুযোগ পাব । প্ৰতিযোগিতাখনৰ শীৰ্ষ-৩ টা দলে ইতিমধ্যে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।
ভাৰত আৰু জাপানৰ মাজৰ খেলখন শুকুৰবাৰে আবেলি ৪ বজাৰ পৰা আৰম্ভ হ'ব । তৃতীয়-চতুৰ্থ স্থানৰ খেলখনত ভাৰতীয় দলটোৱে জাপানৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিব লাগিব । যদি খেলখনত ভাৰতীয় দলটো জাপানৰ হাতত পৰাস্ত হয় তেনেহ'লে অলিম্পিকৰ পৰা বাহিৰ হ'ব লাগিব ।
ইয়াৰ পূৰ্বে প্ৰথম ছেমিফাইনেলত জাপানে আমেৰিকাৰ হাতত ১-২ গ'লত পৰাজিত হৈছিল । আনহাতে ভাৰত পেনাল্টিত জাৰ্মানীৰ হাতত পৰাজিত হৈছিল । বৃহস্পতিবাৰে ঝাৰখণ্ডৰ ৰাঁচীৰ মাৰাং গোমকে জয়পাল সিং এষ্ট্ৰোটাৰ্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ হকী অলিম্পিক কোৱালিফায়াৰ-২০২৪ৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতীয় মহিলা হকী দলে জাৰ্মানীৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰিছিল যদিও নিৰ্ধাৰিত সময়ত ২-২ গ'লৰ ড্ৰ'ৰ পিচত শ্বুটআউটত তেওঁলোকে ৩-৪ ব্যৱধানত পৰাজিত হয় ।