স্পৰ্টছ ডেস্ক, ২৮ জুলাইঃ ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা ২৩ সংখ্যক প্ৰেছিডেণ্ট কাপত পুনৰ উজলিল মণিপুৰৰ বক্সাৰ মেৰী কম । মহিলাৰ ৫১ কিলোগ্ৰাম শাখাত সোণৰ পদক আঁজুৰি আনিলে ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমে ।
প্ৰেছিডেণ্ট কাপত মেৰী কমৰ চমক, আঁজুৰি আনিলে স্বৰ্ণ
পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কম । ২৩ সংখ্যক প্ৰেছিডেণ্ট কাপত সোণৰ পদক অৰ্জন মেৰী কমৰ ।
mary
অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ এপ্ৰিল ফ্ৰান্ক্সক ৫-০ ছেটত ধৰাশায়ী কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় বক্সাৰগৰাকীয়ে । ছেমি-ফাইনেলত লাবুৱান বাজুক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল মেৰী কমে । মেৰী কমে এই বৰ্ষৰে মে' মাহত ইণ্ডিয়া অ'পেনত স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হৈছিল ।