অসম

assam

ETV Bharat / sports

‘পদ্ম পুৰস্কাৰ’ৰ বাবে মনোনীত 9 গৰাকী মহিলা খেলুৱৈ

প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ পুৰস্কাৰৰ বাবে মনোনীত মহিলা এথলিট ৷ ভাৰতীয় খেল মন্ত্ৰণালয়ৰ দ্বাৰা পদ্ম পুৰস্কাৰৰ বাবে 9 গৰাকী মহিলা সহ মুঠ 11 গৰাকী খেলুৱৈৰ নাম মনোনীত ৷

By

Published : Sep 12, 2019, 9:29 PM IST

‘পদ্ম পুৰস্কাৰ’ৰ বাবে মনোনীত 9 গৰাকী মহিলা খেলুৱৈ

স্পৰ্টছ ডেস্ক, 12 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে মনোনীত কৰা হ’ল পদ্ম পুৰস্কাৰৰ বাবে 9 গৰাকীকৈ মহিলা খেলুৱৈৰ নাম ৷ পোন প্ৰথমবাৰৰ পদ্মবিভূষণ পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে মহিলা এথলিট ৷ পদ্ম বিভূষণৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী মহিলা এথলীট হৈছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম ৷ পদ্ম বিভূষণ হৈছে ভাৰত ৰত্নৰ পিচত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2013পদ্মভূষণ আৰু 2006 চনত পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল মেৰী কমে ৷

পদ্মবিভূষণ পুৰস্কাৰৰ বাবে মনোনীত মেৰী কম

আনহাতে ভাৰতৰ তৃতীয় সৰ্বোচ্চ নাগৰিক সন্মান পদ্মভূষণৰ বাবে মনোনীত কৰা হৈছে শ্বাটলাৰ পি.ভি সিন্ধুৰ নাম ৷ 2017 চনতো পদ্মভূষণৰ বাবে মনোনীত কৰা হৈছিল সিন্ধু নাম ৷ কিন্তু অন্তিম তালিকাত অন্তৰ্ভুক্ত হোৱাত বিফল হৈছিল সিন্ধু ৷ উল্লেখ্য যে, 2015চনত পদ্মশ্ৰীৰে সন্মানিত হৈছিল সিন্ধু ৷

পদ্মভূষণ পুৰস্কাৰৰ বাবে মনোনীত সিন্ধু

ইয়াৰ উপৰিও ভাৰতৰ চতুৰ্থ বৃহৎ নাগৰিক সন্মান পদ্মশ্ৰী পুৰস্কাৰৰ বাবে মনোনীত হৈছে 7 গৰাকী মহিলা সহ ধনুবিদ তৰুণদীপ ৰায় আৰু হকী অলিম্পিয়ান এমপী গণেশৰ নাম ৷ ভাৰতীয় খেল মন্ত্ৰণালয়ে মনোনীত কৰা এই 7 গৰাকী মহিলা খেলুৱৈ হৈছেমল্লযুঁজাৰু বিনেশ ফ’গাট, টেবুল টেনিছ খেলুৱৈ মনিকা বত্ৰা, ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ, হকী দলৰ অধিনায়ক ৰাণী ৰামপাল, প্ৰাক্তন শ্বুটাৰ চুমা শিৰুৰ, পৰ্বাতাৰোহী জমজ ভগ্নী তাশী আৰু নুনাগ্ছী মলিক ৷ এতিয়া খেলমন্ত্ৰী কিৰণ ৰিজেজুৰ অনুমতি লাভ কৰিলেই এই সন্মান লাভ কৰিবলৈ সক্ষম হ’ব খেলুৱৈসকলে ৷ অহা বছৰ গণতন্ত্ৰ দিৱসত প্ৰদান কৰা হ’ব এই সন্মান সমূহ ৷

ABOUT THE AUTHOR

...view details