অসম

assam

ETV Bharat / sports

নিখত অদ্ভূত বক্সাৰ আনহাতে মেৰী কম এগৰাকী কিংবদন্তি খেলুৱৈঃ কিৰেণ ৰিজিজু - অদ্ভূত বক্সাৰ নিখত : কিৰেণ ৰিজিজু

নিখত জৰীণ আৰু মেৰী কমৰ মাজত অলিম্পিক কোৱালিফায়াৰ মেচৰ পাচত সৃষ্টি হোৱা বিবাদৰ পাচতেই ক্ৰীড়ামন্ত্ৰীৰ টুইট ৷

নিখত অদ্ভূত বক্সাৰ কিন্তু মেৰী কম এগৰাকী কিংবদন্তি খেলুৱৈ: কিৰেণ ৰিজিজু
নিখত অদ্ভূত বক্সাৰ কিন্তু মেৰী কম এগৰাকী কিংবদন্তি খেলুৱৈ: কিৰেণ ৰিজিজু

By

Published : Dec 30, 2019, 6:48 PM IST

স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰঃছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমক এগৰাকী কিংবদন্তি খেলুৱৈ আখ্যা দেশৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ ৷ সোমবাৰে এক টুইট যোগে এই মন্তব্য কৰে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে মেৰী কমক প্ৰত্যাহ্বান জনোৱা ভাৰতীয় মহিলা বক্সাৰ নিখত জৰীণক এগৰাকী অদ্ভূত খেলুৱৈ আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ দুয়ো খেলুৱৈক লৈ ভাৰত গৌৰাম্বিত বুলিও কয় ৰিজিজুৱে ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয়, মেৰী কম এগৰাকী কিংবদন্তি খেলুৱৈ ৷ বিশ্ব বক্সিঙত কোনো অন্য বক্সাৰে খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা নাই যি মেৰী কমে লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে নিখত জৰীণো এগৰাকী প্ৰতিভাৱান, অদ্ভূত বক্সাৰ ৷ যি মেৰী কমৰ আদৰ্শৰে আগবাঢ়ি গৈছে ৷ দুয়োগৰাকী খেলুৱৈকলৈ গৌৰৱবোধ কৰে ভাৰতে ৷

নিখত জৰীণ

উল্লেখ্য যে, প্ৰাক্তন কনিষ্ঠ বিশ্ব চেম্পিয়ন জৰীণে ছয় বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ বিৰুদ্ধে এখন ট্ৰায়েলৰ দাবী কৰিছিল ৷ অলিম্পিকত কোৱালিফায়িঙক লৈ ভাৰতীয় বক্সিং ফেডাৰেছনৰ নিৰ্বাচনী নীতিৰ ওপৰত খৰ্গহস্ত হৈ ট্ৰায়েলৰ দাবী কৰি 17 অক্টোবৰত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুক পত্ৰ লিখি আবেদন জনাইছিল নিখত জৰীণে ৷ ইয়াৰ পৰিপেক্ষিততেই শনিবাৰে অনুষ্ঠিত কৰা হৈছিল অলিম্পিক কোৱালিফায়াৰ্ছ ট্ৰায়েলৰ ফাইনেল মেচখন ৷ এই মেচৰ পাচতেই ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইট কৰি এই কথা উল্লেখ কৰে ৷

এই মেচখনত মেৰী কমে নিখতক 9-1 ব্যৱধানত পৰাস্ত কৰাৰ পাচত মেচৰ অন্তত কৰমৰ্দন কৰাৰ পৰা বিৰত থাকে ৷ মেৰী কমে এই সন্দৰ্ভত মন্তব্য কৰিছিল যে,‘‘যদিহে তেওঁ আনৰ পৰা সন্মান লাভৰ আশা কৰে তেন্তে প্ৰথমে নিজে সন্মান কৰিবলৈ শিকক ৷ মই এনধৰণৰ মানসিকতা পুহি ৰখা স্বভাৱৰ ব্যক্তি ভাল নাপাওঁ ৷’’

কিন্তু এই ঘটনাৰ পাচতেই নিখতে মন্তব্য কৰিছিল‘‘মোৰ মেৰী কমৰ সৈতে কোনো ব্যক্তিগত শত্ৰুতা নাই ৷ তেওঁ কেৱল অলিম্পিক কোৱালিফায়িঙৰ নিৰ্বাচন প্ৰণালীৰ বিৰুদ্ধে হে প্ৰশ্ন উত্থাপন কৰিছিল ৷ ’’

ABOUT THE AUTHOR

...view details