অসম

assam

By

Published : Mar 10, 2020, 4:30 AM IST

Updated : Mar 10, 2020, 7:57 AM IST

ETV Bharat / sports

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন এম চি মেৰী কমৰ

ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমৰ আগন্তুক টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন ৷ অমিত পংঘালসহ আঠ ভাৰতীয় বক্সাৰৰ টকিঅ’ অলিম্পিকৰ টিকট ৷

mary kom books tokyo olympics berth,টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন এম চি মেৰী কমৰ
টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন এম চি মেৰী কমৰ

স্পৰ্টছ ডেস্ক, 10 মাৰ্চ: ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এটা সুখবৰ ৷ লাভলীনা বৰগোহাঁইৰ পাচতেই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন এম চি মেৰী কমৰ ৷

ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কম

জৰ্ডানৰ আমানত অনুষ্ঠিত হোৱা এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছৰ মহিলাৰ 51 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত 28 বছৰীয়া ফিলিপাইনৰ আইৰিছ মেগন’ক পৰাস্ত কৰি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমে৷ কোৱাৰ্টাৰ ফাইনেল মেচখনত 5-0 ব্যৱধানত জয় লাভ কৰে মেৰী কমে ৷ ইয়াৰ লগে-লগে দ্বিতীয়বাৰৰ বাবে অলিম্পিক খেলাৰ সৌভাগ্য লাভ কৰিছে খেলুৱৈগৰাকীয়ে ৷ ইপিনে ছেমি ফাইনেলত চীনৰ ইউআন চাঙৰ বিৰুদ্ধে মুখামুখি হ’ব মেৰী কম ৷ আনহাতে বৰ্তমানলৈকে আঠগৰাকী ভাৰতীয় বক্সাৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

প্ৰথমবাৰৰ বাবে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন অমিত পংঘাল

ইয়াৰ পূৰ্বে পুৰুষৰ 52 কিলোগ্ৰাম শাখাত অমিত পংঘালে অলিম্পিকলৈ টিকট লাভ কৰিবলৈ সক্ষম হয় ৷ কাৰ্ল’ পালমক পৰাস্ত কৰিয়ে ছেমিফাইনেলত স্থান লাভ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ যোগ্যতা অৰ্জনে কৰে খেলুৱৈগৰাকীয়ে ৷

টকিঅ’ অলিম্পিকলৈযোগ্যতা অৰ্জন কৰা 8 গৰাকী বক্সাৰ হৈছে- পূজা ৰাণী (75 কেজি), বিকাশ কৃষ্ণণ (69 কেজি), লাভলীনা বৰগোঁহাই (69 কেজি), আশ্বিছ কুমাৰ (75 কেজি), সতিশ কুমাৰ (+91 কেজি), অমিত পংঘাল (52 কেজি), মেৰী কম (51 কেজি) আৰু ছিমৰণজিত কৌৰ (60 কেজি) ৷

Last Updated : Mar 10, 2020, 7:57 AM IST

ABOUT THE AUTHOR

...view details