অসম

assam

ETV Bharat / sports

অলিম্পিক কোৱালিফায়াৰ্ছলৈ মেৰী কমৰ যোগ্যতা অৰ্জন : পৰাস্ত নিখত জাৰিন - মেৰী কমৰ হাতত পৰাস্ত নিখত জাৰিন

অলিম্পিক কোৱালিফায়াৰ্ছ ট্ৰায়েলৰ ফাইনেলত নিখত জাৰিনৰ বিৰুদ্ধে মেৰী কমৰ জয় ৷ শনিবাৰে অনুষ্ঠিত হৈছিল ফাইনেল মেচ ৷

অলিম্পিক কোৱালিফায়াৰ্ছলৈ যোগ্যতা অৰ্জন
মেৰী কম

By

Published : Dec 28, 2019, 12:59 PM IST

স্পৰ্টছ ডেস্ক, 28 ডিচেম্বৰ : ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে শনিবাৰে অলিম্পিক কোৱালিফায়াৰ্ছ ট্ৰায়েলৰ ফাইনেলত নিখত জাৰিনৰ পৰাস্ত কৰে ৷ শনিবাৰৰ ফাইনেল মেচৰ পাচতে দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনৰ অন্ত পৰে ৷

মেৰী কম বনাম নিখত জাৰিন

উল্লেখ্য যে, প্ৰাক্তন কনিষ্ঠ বিশ্ব চেম্পিয়ন জাৰিনে কিছু সপ্তাহ পূৰ্বে ছয় বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ বিৰুদ্ধে এখন ট্ৰায়েলৰ দাবী কৰিছিল ৷ অলিম্পিক কোৱালিফায়িঙক লৈ ভাৰতীয় বক্সিং ফেডাৰেছনৰ নিৰ্বাচনী নীতিৰ ওপৰত খৰ্গহস্ত হৈ এনেদৰে ট্ৰায়েলৰ দাবী কৰিছিল জাৰিনে ৷

মেৰী কম বনাম নিখত জাৰিন

আনহাতে, মেৰী কমে বক্সিং ফেডাৰেছনৰ নীতিত সন্মতি প্ৰদান কৰি ট্ৰায়েলত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

নিখত জাৰিন

ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিঙে এক অনুষ্ঠানত জনাইছিল যে, ক্ৰমাগতভাৱে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন আগবঢ়াই থকাৰ বাবে মেৰী কমে ট্ৰায়েলত অংশগ্ৰহণ নকৰাকৈ কোৱালিফায়াৰ্ছলৈ নিৰ্বাচিত হ'ব ৷ ইয়াৰ পাচতে জাৰিন খৰ্গহস্ত হৈ পৰিছিল আৰু মনিপুৰৰ বক্সাৰ গৰাকীৰ বিৰুদ্ধে এটা 'সুযোগ' দিবৰ বাবে দাবী কৰিছিল ৷

মেৰী কম

আৰু পঢ়ক : দিল্লীত প্ৰচণ্ড শীত,3 ডিগ্ৰীলৈ নামিল তাপমান

ABOUT THE AUTHOR

...view details