অসম

assam

ETV Bharat / sports

পদ্ম বিভূষণৰে সন্মানিত হ’ব মেৰী কম - পদ্ম বিভূষণ 2019

অলিম্পিক পদক বিজয়ী মেৰী কমলৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ‘‘পদ্ম বিভূষণ’’ ৷ ইপিনে ভাৰতীয় শ্বাটলাৰ সিন্ধুক পদ্মভূষণৰ বিপৰীতে অন্যান্য বহু খেলুৱৈলৈক প্ৰদান পদ্মশ্ৰী বঁটা ৷

পদ্ম বিভূষণৰে সন্মানিত হ’ব মেৰী কম
পদ্ম বিভূষণৰে সন্মানিত হ’ব মেৰী কম

By

Published : Jan 25, 2020, 11:44 PM IST

স্পৰ্টছ ডেস্ক, 25 জানুৱাৰীঃক্ৰীড়া জগতত আগবঢ়োৱা নিজৰ অৱদানৰ বাবে দেশৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ‘‘পদ্ম বিভূষণে’’ৰে সন্মানিত কৰা হ’ব ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক পদক বিজয়ী মেৰী কমক ৷ শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ঘোষণা কৰিলে এই কথা ৷

বিগত বৰ্ষত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ বক্সাৰ মেৰী কমে ৷ বিশ্ব চেম্পিয়নশ্বিপত মেৰী কমৰ এইটো আছিল আঠ সংখ্যক পদক ৷ বিশ্ব চেম্পিয়নশ্বিপত মেৰী কমৰ নামত আছে মুঠ ছয়টা স্বৰ্ণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক ৷

মেৰী কমক পদ্ম বিভূষণ

মেৰী কমৰ লগতে খেল জগতৰ লগত জড়িত বেডমিণ্টন খেলুৱৈ পি.ভি সিন্ধুক প্ৰদান কৰা হ’ব দেশৰ তৃতীয় সৰ্বোচ্চ নাগৰিকৰ সন্মান‘‘পদ্মভূষণ’’ বঁটা ৷ বিগত বৰ্ষত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷ উল্লেখ্য যে, বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল সিন্ধুৱে ৷

পি. ভি সিন্ধুক পদ্মভূষণ

মেৰী কমক পদ্ম বিভূষণ, সিন্ধুক পদ্মভূষণৰ লগতে ভাৰতীয় ক্ৰিকেটাৰ জাহিৰ খান, মহিলা হকী খেলুৱৈৰানী ৰামচালৰলগতেশ্বুটাৰ জীতু ৰায়ক‘‘পদ্মশ্ৰী’’ বঁটাৰে সন্মানিত কৰা হ’ব ৷

জাহিৰ খানক পদ্মশ্ৰী

উল্লেখ্য যে, দেওবাৰে দেশৰ 71 সংখ্যক গণৰাজ্য দিৱসত প্ৰদান কৰা হ’ব এই সন্মান সমূহ ৷

71 সংখ্যক গণৰাজ্য দিৱসত প্ৰদান কৰা হ’ব এই সন্মান

ABOUT THE AUTHOR

...view details