অসম

assam

By

Published : Oct 31, 2019, 8:01 PM IST

Updated : Oct 31, 2019, 10:29 PM IST

ETV Bharat / sports

'মিছ আসাম'ৰ পিছত এইবাৰ 'মিছ ইণ্ডিয়া'ৰ খিতাপ মাৰ্ঘেৰিটাৰ প্ৰিয়ালৈ

মাৰ্ঘেৰিটাৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতী প্ৰিয়া দেৱনাথে এইবাৰ লাভ কৰিলে 'মিছ ইণ্ডিয়া'ৰ খিতাপ

মাৰ্ঘেৰিটাৰ প্ৰিয়ালৈ 'মিছ ইণ্ডিয়া'ৰ খিতাপ

মাৰ্ঘেৰিটা,31 অক্টোবৰঃমাৰ্ঘেৰিটাৰ প্ৰতিভাৱান যুৱতী প্ৰিয়া দেৱনাথে মিছ আসামৰ পিছত আঁজুৰি আনিবলৈ সক্ষম হৈছে মিছ ইণ্ডিয়াৰ খিতাপ ৷ মাৰ্ঘেৰিটাৰ বানপীড়িত অঞ্চলত থকা এটা অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰিয়া দেৱনাথে এথলেকটিছ আৰু শৰীৰ চৰ্চাত জড়িত হৈ বিগত ন বছৰে লাভ কৰিছে জিলা , তথা ৰাজ্যিক পৰ্যায়ত বিভিন্ন বঁটা ৷ শেহতীয়াকৈ লাভ কৰিছে মিছ আসাম আৰু মিছ ইণ্ডিয়াৰ খিতাপ ।

মাৰ্ঘেৰিটাৰ প্ৰিয়ালৈ 'মিছ ইণ্ডিয়া'ৰ খিতাপ

বঙাইগাঁৱত অনুষ্ঠিত প্ৰতিযোগিতাত মিছ আসাম ফিটনেছ খিতাপৰ পিছত শেহতীয়াকৈ অসমক প্ৰতিনিধিত্ব কৰি কেৰালাৰ কোচিত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন কৰে মিছ ইণ্ডিয়া ফিটনেচৰ খিতাপ । কিন্তু দুখৰ বিষয় যে, স্থানীয় বিধায়ক, সাংসদ বা অন্য কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা এই পৰ্যন্ত আৰ্থিক সহযোগিতা পোৱা নাই প্ৰিয়াই । দুই এজন শুভাকাংক্ষীৰ পৰা পোৱা আৰ্থিক সহযোগিতাৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুখ্যাতি অৰ্জন কৰা প্ৰিয়া নিৰ্বাচিত হৈছে এচিয়ান গেমছত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুবিধা । কিন্তু আৰ্থিক অনাটনৰ বাবে এই যাত্ৰা সম্ভৱ নহ'ব বুলি আশংকা প্ৰকাশ কৰিছে প্ৰিয়াই ।
লগতে পঢ়কঃ মাৰ্ঘেৰিটাৰ প্ৰিয়াক কোঙা কৰিব নেকি দৰিদ্ৰতাই !

Last Updated : Oct 31, 2019, 10:29 PM IST

ABOUT THE AUTHOR

...view details