স্পৰ্টছ ডেস্ক, 13 অক্টোবৰ : মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হ'ল ভাৰতৰ বক্সাৰ মঞ্জু ৰাণী ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতীয় বক্সাৰগৰাকীয়ে ৰাছিয়াৰ একাটেৰিনা পাল্টচেভাৰ হাতত পৰাস্ত হয় ৷ 48 কে. জি. শাখাত ভাৰতীয় বক্সাৰগৰাকীয়ে 1-4 ব্যৱধানত পৰাস্ত হয় ৰাছিয়াৰ প্ৰতিদ্বন্দীগৰাকীৰ বিৰুদ্ধে ৷ ইয়াৰ ফলত টুৰ্ণামেন্টৰ ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয় মঞ্জু ৰাণীয়ে ৷
মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত মঞ্জু ৰাণী - 1-4 ব্যৱধানত পৰাস্ত মঞ্জু
মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হ'ল ভাৰতৰ বক্সাৰ মঞ্জু ৰাণী ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতীয় বক্সাৰগৰাকীয়ে ৰাছিয়াৰ একাটেৰিনা পাল্টচেভাৰ হাতত পৰাস্ত হয় ৷
ছেমি ফাইনেলত মঞ্জুয়ে থাইলেণ্ডৰ চুথামাত ৰক্ষতক 4-1 ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হৈছিল ৷ উল্লেখ্য যে, ভাৰতৰ হৈ একমাত্ৰ বক্সাৰ হিচাপে টুৰ্ণামেন্টৰ ফাইনেলত প্ৰৱেশ কৰিছিল মঞ্জু ৰাণীয়ে ৷ ইয়াৰোপৰি, 18 বৰ্ষীয় খেলুৱৈ হিচাপে প্ৰথমখন বক্সিং চেম্পিয়নশ্বিপতে অংশগ্ৰহণ কৰি ফাইনেললৈ অগ্ৰসৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ল মঞ্জু ৰাণী ৷
উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত ছেমি ফাইনেল মেচত ভাৰতৰ তাৰকা বক্সাৰ মেৰী কম, ঝমুনা বড়ো আৰু লভলিনা বৰগোঁহাই পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগা হৈছিল ৷