স্পৰ্টছ ডেস্ক,৩ এপ্ৰিল :মেড্ৰিড স্পেইন মাষ্টাৰ্ছ ২০২৩ত ৰাণাৰ আপ অৰ্থাৎ দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু (PV Sindhu Finishes Runner up in Spain masters)। চুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ ফাইনেলত সিন্ধু ইণ্ডোনেছিয়াৰ গ্ৰেগৰিয়া মাৰিস্কা টুনজুঙৰ হাতত পোনপটীয়া খেলত পৰাজিত হয় । বছৰটোৰ প্ৰথমখন ফাইনেল খেলি থকা সিন্ধু ২৯ মিনিটত বিশ্বৰ ১২ নম্বৰ টুনজুঙৰ হাতত পৰাজিত হয় ।
ফাইনেল খেলখনত ৮-২১, ৮-২১ পইণ্টত পৰাজিত হোৱাৰ পাছত সিন্ধুৰ অনুৰাগীসকল কিছু পৰিমাণে নিৰাশ হোৱা দেখা গৈছে (PV Sindhu lost Spain Masters final)। অৱশ্যে ৰাণাৰ আপ হোৱাত একাংশ ক্ৰীড়াপ্ৰেমী আৰু অনুৰাগীয়ে আনন্দ প্ৰকাশ কৰাও দেখা গৈছে ।
আঠ মাহৰ অন্তত, সিন্ধু চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হৈছিল । কিন্তু তেওঁ পুনৰ খিতাপ অৰ্জনত ব্যৰ্থ হয় । অৱশ্যে ফাইনেলত উপনীত হোৱাটোৱে নিশ্চয় সিন্ধুৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । পি ভি সিন্ধু প্ৰাক্তন বিশ্ব চেম্পিয়ন । তেওঁ শেষবাৰৰ বাবে ২০২২ চনৰ আগষ্টত বাৰ্মিংহাম কমনৱেলথ গেমছৰ খিতাপ অৰ্জন কৰিছিল (PV Sondhu in commonwealth games)। কমনৱেলথ গেমছত সিন্ধুৰ ছিংগলছত সেইটো প্ৰথম সোণৰ পদক আছিল ।