অসম

assam

By

Published : Mar 9, 2020, 1:16 AM IST

Updated : Mar 9, 2020, 7:44 AM IST

ETV Bharat / sports

অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনা বুঢ়াগোহাঁইৰ

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে অসম কন্যা লাভলীনা বুঢ়াগোহাঁইয়ে ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা এই সফলতা এই প্ৰতিভাৱান খেলুৱৈগৰাকীৰ ৷ সমগ্ৰ দেশবাসীৰ লগতে বিশেষকৈ অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা লাভলীনা বুঢ়াগোহাঁইয়ে ৷

লাভলীনা বুঢ়াগোহাঁই,Lovlina Borgohain qualifyf or Tokyo olympic
অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনা বুঢ়াগোহাঁইৰ

গুৱাহাটী, 9 মাৰ্চ: আগন্তুক জুলাই মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া 2020 টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ল অসম কন্যা তথা মহিলা বক্সিং খেলুৱৈলাভলীনা বুঢ়াগোহাঁইয়ে

উজবেকিস্তানৰ খেলুৱৈক পৰাস্ত কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনা বুঢ়াগোহাঁইৰ

জৰ্ডানৰ আমনত অনুষ্ঠিত হৈ থকা এছিয়ান অচেনিয়েন অলিম্পিক কোৱালিফায়াৰ্ছৰ (Asian zone Olympic qualifiers) 69 কেজি শাখাৰ এখন মেচত লাভলীনাই উজবেকিস্তানৰ মহিলা বক্সিং খেলুৱৈ মেলিয়েভাক পৰাজিত কৰি এছিয়ান অচেনিয়েন অলিম্পিক কোৱালিফায়াৰ্ছৰ ছেমি ফাইনেললৈ অগ্ৰগতি কৰাৰ লগতে জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত হ'বলগীয়া 2020 অলিম্পিকলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হয় । ৱৰ্ল্ড চেম্পিয়নচিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰা অসমৰ লাভলীনা বুঢ়াগোহাঁইয়ে দেওবাৰৰ মেচখনত সুন্দৰ প্ৰদৰ্শনেৰে উজবেকিস্তানৰ খেলুৱৈকগৰাকীক 5-0 ব্যৱধানত পৰাস্ত কৰে ।

লাভলীনা বুঢ়াগোহাঁই

লাভলীনাৰ লগতে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হোৱা ভাৰতৰ আন দুই খেলুৱৈ হৈছে 75 কেজি শাখাৰ পূজা ৰাণী আৰু 69 কেজি শাখাৰ বিকাশ কৃষ্ণ । এতিয়া 2020 টকিঅ’ অলিম্পিকত লাভলীনাৰ ওপৰত দৃষ্টি থাকিব সমগ্ৰ দেশৰ লগতে অসমবাসী ৰাইজৰ ।

5-0 ব্যৱধানত জয় লাভেৰে অলিম্পিকলৈ যোগ্যতা লাভলীনা বুঢ়াগোহাঁইৰ

লাভলীনাৰ এই সফলতাৰ পাচতেই ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱেও শুভেচ্ছা জ্ঞাপন কৰে খেলুৱৈগৰাকীক ৷

Last Updated : Mar 9, 2020, 7:44 AM IST

ABOUT THE AUTHOR

...view details