স্পৰ্টছ ডেস্ক,৩০ ছেপ্টেম্বৰ :ভাৰতৰ বাবে বক্সিঙত তৃতীয়টো পদকৰ পথ মুকলি কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে । ভাৰতীয় অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনাই শনিবাৰে চলিত এছিয়ান গেমছত মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে । দক্ষিণ কোৰিয়াৰ চুয়েয়ন চেয়ঙৰ বিৰুদ্ধে লাভলীনাই মেচখন ৫-০ পইণ্টত জয়ী হয় । অতি ৰোমাঞ্চকৰ খেলখনত সকলো বিচাৰকে ভাৰতীয় বক্সাৰ পক্ষত থিয় দিয়ে । লগে লগে ভাৰতৰ বাবে আন এটা পদকৰ পথো মুকলি হয় । অসম কন্যা লাভলীনাৰ এই প্ৰদৰ্শনত আনন্দিত বক্সিং ফেডাৰেচন অফ ইণ্ডিয়া । লাভলীনা ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতৰ বাবে বক্সিং ইভেণ্টত আন এটা পদক লাভৰ আশা সজীৱ হয় বুলি বিএফআইয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰে ।
ইয়াৰ পূৰ্বে, প্ৰীতি পাৱাৰে হাংঝৌত চলি থকা এছিয়ান গেমছত ৫৪ কিলোগ্ৰাম মহিলা বক্সিঙৰ ছেমিফাইনেলত প্ৰৱেশ কৰে । তেওঁ কেৱল ব্ৰঞ্জৰ পদক নিশ্চিত কৰাই নহয় দেশৰ বাবে পেৰিছ অলিম্পিক ২০২৪ত স্থানো সুৰক্ষিত কৰে । তেওঁ কোৱাৰ্টাৰ ফাইনেলত কাজাখস্তানৰ ঝাইনা শ্বেকাৰবেকোভাক ৪-১ ব্যৱধানত পৰাস্ত কৰে ।