অসম

assam

ETV Bharat / sports

লাডাখ,জম্মু কাশ্মীৰত খেল’ ইণ্ডিয়া আয়োজনৰ ঘোষণা ক্ৰীড়ামন্ত্ৰীৰ - লাডাখত ফেব্ৰুৱাৰী মাহত, মাৰ্চ মাহত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰত

লাডাখ, জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব খেল’ ইণ্ডিয়া ৷ শীতকালীন খেল’ ইণ্ডিয়াৰ প্ৰথম সংস্কৰণ লাডাখত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ বিপৰীতে মাৰ্চ মাহত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰত ৷

লাডাখ, জম্মু কাশ্মীৰত খেল’ ইণ্ডিয়া ,ladakh and J&K, host first edition of khelo india winter games, ladakh and J&K to host first edition of khelo india,
লাডাখ, জম্মু কাশ্মীৰত খেল’ ইণ্ডিয়া আয়োজনৰ ঘোষণা ক্ৰীড়ামন্ত্ৰীৰ

By

Published : Feb 13, 2020, 9:09 PM IST


স্পৰ্টছ ডেস্ক, 13 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ লাডাখ আৰু জম্মুক-কাশ্মীৰত অনুষ্ঠিত কৰা হ’ব শীতকালীন খেল’ ইণ্ডিয়াৰ প্ৰতিযোগিতা ৷ শীতকালীন খেল’ ইণ্ডিয়াৰ প্ৰতিযোগিতাৰ প্ৰথমখন খেল লাডাখত অনুষ্ঠিত কৰাৰ বিপৰীতে দ্বিতীয়খন অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰত ৷ এই দুয়োটা বৃহৎ অনুষ্ঠানৰ বাবে সমগ্ৰ খৰচ বহন কৰিব ক্ৰীড়া মন্ত্ৰণালয়ে ৷

শীতকালিন খেল’ ইণ্ডিয়া

লাডাখত ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা আয়োজন কৰা হ’ব জম্মু-কাশ্মীৰত ৷ লাডাখ শীতকালীন খেলত আইচ হকী চেম্পিয়নশ্বিপ, ফিগৰ স্কেটিং,স্পীড স্কেটিং প্ৰতিযোগিতা অন্তৰ্ভুক্ত থাকিব ৷ অঞ্চলটোৰ ব্লক,জিলা,কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি প্ৰতিযোগিতা সমূহ আয়োজন কৰা হ’ব ৷ য’ত দেশৰ 1700 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

গুৱাহাটীত হৈছিল খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ

ইপিনে জম্মু-কাশ্মীৰৰ গুলমাৰ্গৰ কৌংগডোৰীত ল’ৰা,ছোৱালীৰ চাৰিটা ভাগত আয়োজন কৰা হ’ব খেল’ ইণ্ডিয়াৰ প্ৰতিযোগিতাসমূহ ৷ 19 ৰ পৰা 21, 17 ৰ পৰা 18, 15 ৰ পৰা 16 আৰু 13 ৰ পৰা 14 বয়স শাখাত অনুষ্ঠিত কৰা হ’ব প্ৰতিযোগিতা সমূহ ৷ জম্মু-কাশ্মীৰ খেল পৰিষদ আৰু জম্মু-কাশ্মীৰ শীতকালিন খেল সংঘৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ 15 টা দলৰ প্ৰায় 841 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

ক্ৰীড়়ামন্ত্ৰীগৰাকীয়ে কয়,মই এই ঘোষণা কৰি যথেষ্ট আনন্দ অনুভৱ কৰিছো ৷ এটা বৰ্ষত তিনিবাৰৰ বাবে আয়োজন কৰা হ’ব খেল‘ ইণ্ডিয়া প্ৰতিযোগিতা ৷ উল্লেখ্য যে, জানুৱাৰী মাহত খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ সফল আয়োজন সম্পন্ন হৈছিল গুৱাহাটীত ৷

For All Latest Updates

TAGGED:

Kiren Rijiju

ABOUT THE AUTHOR

...view details