অসম

assam

ETV Bharat / sports

লাডাখত ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন কিৰেণ ৰিজিজুৰ

লাডাখত প্ৰায় 12 কোটি টকা মূল্যৰ বহুকেইটা ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন ৷ উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু ৷

2 কোটি টকা মূল্যৰ বহুকেইটা ক্ৰীড়া আঁচনিৰ আধাৰশিলা
লাডাখত ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন কিৰেণ ৰিজিজুৰ

By

Published : Sep 15, 2020, 7:32 AM IST

স্পৰ্টছ ডেস্ক, 15 ছেপ্তেম্বৰ :কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে সোমবাৰে প্ৰায় 12 কোটি টকা মূল্যৰ বহুকেইটা ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৷ লেহাট অপেন ষ্টেডিয়ামত এটা ছিনথেটিক ট্ৰেক আৰু ফুটবলৰ বাবে এষ্ট্ৰো টাৰ্ফৰ আধাৰশিলা স্থাপন কৰে ৰিজিজুয়ে ৷ প্ৰায় 10.68 কোটি টকাৰ এটা আঁচনি অহা বছৰৰ জানুৱাৰী মাহত সম্পূৰ্ণ হৈ উঠাৰ পৰিৱৰ্তে প্ৰায় 1.52 কোটি টকাৰ NDS ইণ্ডোৰ ষ্টেডিয়ামৰ ব্য়ায়ামশালা অহা বছৰৰ মাৰ্চত সম্পূৰ্ণ হৈ উঠিব ৷

লাডাখত ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন কিৰেণ ৰিজিজুৰ

লাডাখত ক্ৰীড়াৰ আন্তঃগাঁথনি আৰু বিকাশৰ বাবে ৰিজিজুয়ে কিছু শিথিলতাৰ কথাও ঘোষণা কৰিছে ৷ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰিবৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনকো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই ৰিজিজুয়ে ৷ খেলো ইণ্ডিয়া অনুষ্ঠানৰ অধীনত মন্ত্ৰণালয়ে কিছু নীতি-নিয়মত শিথিলতা প্ৰদান কৰাৰ লগতে সাহাৰ্যৰ লগতে আন্তগাঁথনি যোগানৰ জৰিয়তে কিছু সংখ্য়ক জিলাক খেলো ইণ্ডিয়াৰ উপ-কেন্দ্ৰ হিচাপে ঘোষণা কৰিব ৷ আনহাতে, স্থানীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন দেখুওৱা ক্ৰীড়াবিদক দেশৰ প্ৰায় 23 টা ক্ৰীড়া কেন্দ্ৰত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হ'ব ৷

সেই অনুষ্ঠানতে লাডাখৰ লেফটেনেন্ট গৱৰ্নৰ আৰ. কে. মাথুৰে ৰিজিজুলৈ আহ্বান জনাই কয় যে, শীতকালিন সময়ত দেশৰ অন্য স্থানৰ লোকসকল লাডাখলৈ আহি শীতকালিন ক্ৰীড়া উপভোগ কৰাৰ সুবিধা কৰা উচিত ৷

ABOUT THE AUTHOR

...view details