তেজপুৰ, ২৭ আগষ্ট :শুকুৰবাৰে গোৱাৰ মাপুচাত অনুষ্ঠিত হ'ব ৱাকো ইণ্ডিয়া ছিনিয়ৰ্ছ এণ্ড মাষ্টাৰ্ছ নেচনেল কিকবক্সিং চেম্পিয়নশ্বিপ (Wako India Seniors & Masters National Kickboxing Championship)। এই প্ৰতিযোগিতাত উত্তৰ পূৱৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশৰ ৪৮ গৰাকীকৈ কিকবক্সাৰে অংশগ্ৰহণ কৰিব । এই ৪৮ জনীয়া দলটোত অৰুণাচল প্ৰদেশ আৰক্ষী ক্ৰীড়া নিয়ন্ত্ৰণ ব'ৰ্ডৰো (APPSCB) চাৰিগৰাকী খেলুৱৈও আছে ।
ইতিমধ্যে দলটো গোৱাত গৈ উপস্থিত হৈছে । পূৰ্বৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰশিক্ষণ শিবিৰৰ সময়ত ১০ গৰাকী মহিলা খেলুৱৈ আৰু ৩৮ গৰাকী পুৰুষ খেলুৱৈক বাছনি কৰা হৈছিল এই প্ৰতিযোগিতাৰ বাবে । গোৱালৈ যোৱা অৰুণাচল প্ৰদেশৰ দলটোক নেতৃত্ব দিছে কিকবক্সিং এছ'চিয়েশ্যন অৱ অৰুণাচলৰ (KAA) সাধাৰণ সম্পাদক চাৰু গোবিনে ।