অসম

assam

খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৩; ল'গ' আৰু জাৰ্চি মুকলি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 7:33 PM IST

Updated : Nov 26, 2023, 9:11 PM IST

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে দেওবাৰে দিল্লীত খেলো ইণ্ডিয়া পেৰা গেমছ, ২০২৩ৰ জাৰ্চি আৰু ল'গ' উন্মোচন কৰে । তেওঁ কয় যে পেৰা গেমছৰ প্ৰথম সংস্কৰণ সফল প্ৰমাণিত হ'ব । ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৩৫০-ৰো অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব ।

Khelo India Para Games 2023
খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৩

স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ :প্ৰথমবাৰৰ বাবে ভাৰতৰ খেলো ইণ্ডিয়া কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে পেৰা গেমছক । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে দেওবাৰে খেলো ইণ্ডিয়া পেৰা গেমছৰ প্ৰথম সংস্কৰণৰ ল'গ' আৰু জাৰ্চি আনুষ্ঠানিকভাৱে মুকলি কৰে । এই মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ তিনিখন ষ্টেডিয়ামত আঠ দিনৰ বাবে এই পেৰা গেমছ অনুষ্ঠিত হ'ব । ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৩৫০-ৰো অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব ।

ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমখন খেলো ইণ্ডিয়া পেৰা গেমছ ১১-১৭ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তিনিখন ষ্টেডিয়ামত মুঠ সাতটা ইভেণ্টৰ খেল অনুষ্ঠিত হ'ব । এই সাতটা শাখা হৈছে পেৰা এথলেটিকছ, পেৰা শ্বুটিং, পেৰা আৰ্ছাৰী, পেৰা ফুটবল, পেৰা বেডমিণ্টন, পেৰা টেবুল টেনিছ আৰু পেৰা ভাৰোত্তোলন । প্ৰতিযোগিতাখন আইজি ষ্টেডিয়াম, তোঘলকাবাদ শ্বুটিং ৰেঞ্জ আৰু জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

অনুৰাগ ঠাকুৰে কয় যে ভাৰতীয় পেৰা খেলুৱৈসকলে চীনত অনুষ্ঠিত এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শন কৰিছে । খেলুৱৈসকলে তাত ২৯ টা সোণ, ৩১ টা ৰূপ আৰু ৫১ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১০৭ টা পদক জিকিছে । ঠাকুৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পিছত বহুতো ব্যৱস্থাৰ উন্নয়ন সাধন হৈছে । চৰকাৰে বিশেষকৈ ক্ৰীড়াৰ দিশত এক অতি উচ্চ পৰ্যায়ৰ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ কয় যে খেলো ইণ্ডিয়া পেৰা গেমছৰ প্ৰথম সংস্কৰণ সফল হ'ব ।

আনহাতে, পেৰা খেলুৱৈ ভবিনা পেটেলে কয় যে খেলুৱৈসকলৰ বাবে চৰকাৰে ভাল প্ৰচেষ্টা চলাই আছে । "মোক ইয়াৰ যোগ্য কৰি তোলাৰ বাবে মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ । কিন্তু মই কেতিয়াও মোৰ দুৰ্বলতাক মোৰ কেৰিয়াৰত আহিবলৈ নিদিওঁ । সকলো খেলুৱৈলৈ একেটাই বাৰ্তা হৈছে যে তেওঁলোক সকলোৱে কঠোৰ পৰিশ্ৰম কৰক আৰু নিজকে উন্নত প্ৰমাণ কৰিবলৈ আৰু ভাল প্ৰদৰ্শন কৰিবলৈ এই খেলবোৰত অংশগ্ৰহণ কৰক ।" ভবিনা পেটেলে কয় ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকত পদক জিনিবলৈ বদ্ধপৰিকৰ নীৰজ চোপ্ৰা

Last Updated : Nov 26, 2023, 9:11 PM IST

ABOUT THE AUTHOR

...view details