নেশ্যনেল ডেস্ক, 17 জানুৱাৰীঃ খেল জগতৰ আকৰ্ষণীয় তথা সংগ্ৰামী কাহিনীবোৰে বাৰুকৈয়ে উৎসুকতা বৃদ্ধি কৰে সকলোৰে ৷ এনেকুৱাই এটা কাহিনী খেল’ ইণ্ডিয়া যুৱ গেমছ 2020-এ কঢ়িয়াই আনিছে ৷ অসমৰ তিনিটা সন্তানৰ মাতৃ পূৰ্ণিমা মণ্ডল নামৰ মহিলাগৰাকীয়ে অৰ্জন কৰিছে এক বিৰল কৃতিত্বৰ ৷ মহিলাগৰাকীৰ তিনিও গৰাকী সন্তানে চলিত খেল’ ইণ্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰিছে তিনি ভিন্ন খেলত ৷ ইয়াৰ ভিতৰত সুজিত মণ্ডলে খোখো খেলত,প্ৰদীপ মণ্ডলে হকী খেলত আৰু মল্লৱিকা মণ্ডলে ফুটবল খেলত গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেল’ ইণ্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰিছে ৷
উল্লেখ্য যে নিজৰ জীৱনত কেইবাটাও চাকৰি সলনি কৰি পূৰ্ণিমাই নিজৰ সন্তান কেইগৰাকীক খেলত সফলতা লাভ কৰিবৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰাৰ বাবে অহৰহ চেষ্টা চলাইছিল ৷
তেওঁ কয় যে ‘‘মই মোৰ জীৱনত কেইবাটাও কামত নিয়োগ হৈছো ৷ মই এখন বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছিলো যদিও পিচলৈ অব্যাহতি লৈছিলো ৷ কিয়নো প্ৰয়োজনতকৈ দৰমহা খুবেই কম আছিল ৷ তাৰ পিচত মই এখন দোকান খুলিছিলো যদিও দুৰ্ভাগ্যবশতঃ সফলতা লাভ কৰিব নোৱাৰিলো ৷ এতিয়া মই নতুন চাকৰিৰ সন্ধানত অপেক্ষাৰত ৷ মোৰ স্বামী এজন কাঠমিস্ত্ৰী ৷ এটা সময়ত তেওঁৰ আয়েৰে ঘৰখন ঠিকেই চলি গৈছিল কিন্তু বৰ্তমান তেওঁ আগৰ দৰে লাভ নকৰে বাবে বহুত অসুবিধাৰ সন্মূখীন হ’ব লগা হৈছে ’’৷
আনহাতে পূৰ্ণিমাই কয় যে তেওঁৰ সন্তান কেইটাই খেল খেলাৰ আৰম্ভণি সময়তে ঘৰখনত বিত্তীয় সংকটে জুৰুলা কৰিছিল ৷ সেইবাবে প্ৰয়োজনীয় খেলৰ উপকৰণসমূহ যোগান ধৰাত যথেষ্ট অসুবিধা হৈছিল ৷ কিন্তু যেতিয়া তেওঁলোকে কিছুমান টুৰ্নামেণ্টত অংশ লৈ জয়ী হৈছিল আৰু তাৰ পৰা পোৱা ধনেৰে নিজৰ প্ৰয়োজনীয় সামগ্ৰী সামৰ্থ অনুযায়ী ক্ৰয় কৰিছিল ৷ পূৰ্ণিমা মাক হিচাপে ইয়াক লৈ খুবেই গৰ্বিত অনুভৱ কৰে বুলি উল্লেখ কৰে ৷
আৰু পঢ়কঃখেল' ইণ্ডিয়াৰ এখন মেচে ফুটবল প্ৰেমীৰ মাজত সৃষ্টি কৰিছে বিৰ্তকৰ