গুৱাহাটী, 10 জানুৱাৰী : শুকুৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত প্ৰায় 25,000 দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হয় তৃতীয় সংখ্যক খেলো ইণ্ডিয়া যুৱ খেল, 2020 ৰ উদ্বোধনী অনুষ্ঠান ৷ এক ভাৰতীয় আৰু অসমৰ সাংস্কৃতিক বৈচিত্ৰতাৰ পৰিচয় দি শুকুৰবাৰে অনুষ্ঠানৰ সফল উদ্বোধন কৰা হয় ৷
এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু ৷ অনুষ্ঠানৰ শিখা সমদলত উত্তৰ-পূৱ ভাৰতৰ সাতখন ৰাজ্যৰে এথলীট সকলে অংশগ্ৰহণ কৰাৰ লগতে অসমৰ স্প্ৰীন্টাৰ হিমা দাসে প্ৰতিযোগিতাৰ শিখা প্ৰজ্বলন কৰে৷
অনুষ্ঠানত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালে কয়, "কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, অৰুণাচলৰ পৰা গুজৰাটলৈ সকলো এথলীটকে মই আদৰণি জনাইছো ৷ এই 13 দিনত সকলোৱে নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন দাঙি ধৰা কিয়নো সমগ্ৰ দেশে তোমালোকক খেলাৰ লগতে উজ্বলি উঠা চাবলৈ সাজু হৈ আছে ৷"
উল্লেখ্য যে, ৰাজধানী গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত 37 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 6,800 এথলীটে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ 20 টাকৈ বিভিন্ন ক্ৰীড়া বিভাগত অংশগ্ৰহণ কৰাৰ লগতে পদক দখল আৰু জলপানি লাভৰ বাবে এইসকল যুৱ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব ৷
এই সম্পৰ্কত ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে কয়, "গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সমৰ্থন আগবঢ়াব বুলি মই আশ্বাস প্ৰদান কৰিছো ৷" লগতে এই প্ৰতিযোগিতা আয়োজন কৰা বাবে ৰাজ্যখনৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৰিজিজুয়ে ৷
এই অনুষ্ঠানত গীত পৰিৱেশন কৰে বিখ্যাত বলীউড গায়ক তথা সংগীত পৰিচালক শংকৰ মহাদেৱনে ৷ ইয়াৰ পাচতে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰাৰ লগতে প্ৰতিযোগিতাৰ শীৰ্ষ সংগীত পৰিৱেশন কৰা হয় ৷ ইয়াৰোপৰি, প্ৰতিযোগিতাৰ মাছকোটক দৰ্শকৰ সন্মুখত পৰিচয় কৰাই দিয়া হয় ৷
উপস্থিত সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু, অতুল বৰা আৰু পঢ়ক : চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত 'খেলো ইণ্ডিয়া'লৈ আমন্ত্ৰণ নাপালে ভোগেশ্বৰ বৰুৱাই