অসম

assam

ETV Bharat / sports

খেল’ ইণ্ডিয়া 2020: দ্বিতীয় দিনৰ অন্তত পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ - অসমৰ উপাশা তালুকদাৰৰ পদক

খেল’ ইণ্ডিয়াৰ দ্বিতীয় দিনাৰ খেলৰ অন্তত 7 টা সোণ, 8 ৰূপ আৰু 12 টা ব্ৰঞ্জ পদক লাভৰে শীৰ্ষ স্থান দখল মহাৰাষ্ট্ৰৰ ৷ ইপিনে 6 টা সোণ, 3 টা ৰূপ, 3 টা ব্ৰঞ্জেৰে দ্বিতীয় স্থানত উত্তৰ প্ৰদেশ আৰু 5 টা সোণ, 1 টা ৰূপ আৰু 6 টা ব্ৰঞ্জ পদকেৰে তৃতীয় স্থানত আছে দিল্লী ৷ আনহাতে এটা ৰূপ দুটা ব্ৰঞ্জ পদকেৰে সপ্তদশ স্থান লাভ কৰিছে আয়োজক দল অসমে ৷

খেল’ ইণ্ডিয়া 2020: দ্বিতীয় দিনাৰ অন্তত পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ
খেল’ ইণ্ডিয়া 2020: দ্বিতীয় দিনাৰ অন্তত পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

By

Published : Jan 12, 2020, 5:27 AM IST

Updated : Jan 12, 2020, 7:57 AM IST

স্পৰ্টছ ডেস্ক, 11 জানুৱাৰীঃখেল‘ ইণ্ডিয়াৰ দ্বিতীয় দিনৰ খেলৰ অন্তত পদক তালিকাৰ শীৰ্ষত উপনীত হৈছে খেল ইণ্ডিয়া 2020 ৰ সৰ্ববৃহৎ দল মহাৰাষ্ট্ৰ ৷ দ্বিতীয় দিনাৰ খেলৰ অন্তত 7 টা সোণ, 8 ৰূপআৰু12 টা ব্ৰঞ্জ পদক লাভৰে শীৰ্ষ স্থান দখল কৰিছেমহাৰাষ্ট্ৰ দলটোৱে ৷ ইপিনে6 টা সোণ, 3 টা ৰূপ, 3 টা ব্ৰঞ্জপদকেৰে দ্বিতীয় স্থানত উত্তৰ প্ৰদেশ আৰু5 টা সোণ, 1 টা ৰূপআৰু 6 টা ব্ৰঞ্জ পদকেৰে তৃতীয় স্থানত আছে দিল্লী ৷

শীৰ্ষ স্থান দখল মহাৰাষ্ট্ৰৰ

মহাৰাষ্ট্ৰৰ হৈ ৰিডমিক জিমনাষ্টিকৰ 17 বছৰ অনুৰ্ধ্বৰ শাখাত মহাৰাষ্ট্ৰৰ আছমি অঙ্কুশ বাডাডে প্ৰথম দিনা সোণৰ পদক লাভ কৰাৰ বিপৰীতে দ্বিতীয় দিনাও সুন্দৰ খেলৰ প্ৰদৰ্শন দাঙি ধৰি পুনৰ তিনিটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইপিনে উত্তৰ প্ৰদেশৰ যতীন কুমাৰ কানোজিয়া আৰু ত্ৰিপুৰাৰ প্ৰিয়ংকা দাস গুপ্তাইয়ো প্ৰতিযোগিতাত দলটোৰ হৈ চাৰিটাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

খেল’ ইণ্ডিয়া 2020

অসমৰ হৈ উপাশা তালুকদাৰেপ্ৰথম দিনা ৰিডমিক জিমনাষ্টিকৰ 17 বছৰ অনুৰ্ধ্বৰ শাখাত ব্ৰঞ্জ পদক লাভ কৰি অসমক প্ৰথমটো পদকৰ সোৱাদ দিবলৈ সক্ষম হৈছিল ৷ দ্বিতীয় দিনাও দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত জিমনাষ্টিক প্ৰতিযোগিতাৰ ৰ’প (Rope) শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে অসমৰ হৈ তৃতীয়টো পদকো জিমনাষ্টিকতে লাভ কৰে উপাশা তালুকদাৰে ৷ ৰিডমিক জিমনাষ্টিকৰ ছোৱালী 17 বছৰ অনুৰ্ধ্বৰ বল (Ball) শাখাত ৰূপৰ পদক অৰ্জন কৰে উপাশাই ৷

অসমৰ উপাশা তালুকদাৰ
  • খেল’ ইণ্ডিয়া যুৱ গেমছৰ পদক তালিকা -
স্থান ৰাজ্য সোণ ৰূপ ব্ৰঞ্জ মুঠ
1 মহাৰাষ্ট্ৰ 7 8 12 27
2 উত্তৰ প্ৰদেশ 6 3 3 12
3 দিল্লী 5 1 6 12
4 গুজৰাট 4 4 2 10
5 ত্ৰিপুৰা 4 1 0 5
6 মধ্যপ্ৰদেশ 3 2 4 9
7 হাৰিয়াণা 2 2 3 7
8 উত্তাৰাখাণ্ড 2 0 0 2
9 তেলেংগানা 1 2 1 4
10 কেৰালা 1 1 2 4
11 ওড়িশা 1 1 0 2
12 মণিপুৰ 1 0 4 5
13 ঝাৰখণ্ড 1 0 0 1
14 পাঞ্জাৱ 0 3 2 5
15 ৰাজস্থান 0 3 1 4
16 পশ্চিম বংগ 0 2 3 5
17 অসম 0 1 2 3
18 তামিল নাডু 0 1 1 2
19 চণ্ডিগড় 0 1 0 1
20 অন্ধ্ৰ প্ৰদেশ 0 1 0 1
21 কৰ্ণাটক 0 1 0 1

অৱশ্যে বাকী অন্যান্য খেল সমূহত বৰ্তমান লৈকে অসমে সুন্দৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে ৷

গুৱাহাটীত খেল’ ইণ্ডিয়া 2020
Last Updated : Jan 12, 2020, 7:57 AM IST

ABOUT THE AUTHOR

...view details