অসম

assam

ETV Bharat / sports

গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ ’’ খেল’ ইণ্ডিয়া 2020’’ - khelo india at guwahati from 10 th january

আই এছ এল, আই পি এলৰ পিছত এইবাৰ গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ 'খেল’ ইণ্ডিয়া 2020'ৰ তৃতীয় সংস্কৰণ । অহা ১০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই সমাৰোহ । দেশৰ মুঠ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৯৫০০ গৰাকী খেলুৱৈ তথা কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব এই খেল’ ইণ্ডিয়া ২০২০ প্ৰতিযোগিতাত ৷

গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ 'খেলো ইণ্ডিয়া 2020'
গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ 'খেলো ইণ্ডিয়া 2020'

By

Published : Nov 28, 2019, 10:36 PM IST

Updated : Nov 29, 2019, 6:53 AM IST

গুৱাহাটী, 28 নৱেম্বৰঃ আই এছ এল, আই পি এলৰ পিছত পুনৰ অসমৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ ৷ গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ ৷ 10 জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ‘খেল’ ইণ্ডিয়াৰ 2020'ৰ তৃতীয় সংস্কৰণ ৷ সমাৰোহৰ উদ্বোধনী কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ মুঠ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৯৫০০ গৰাকী খেলুৱৈ তথা কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব এই খেল’ ইণ্ডিয়া ২০২০ প্ৰতিযোগিতাত । ২০ টা বিভিন্ন খেল অন্তৰ্ভুক্ত কৰা হৈছে এই সমাৰোহত । গুৱাহাটীৰ সৰুসজাই, নেহৰু ষ্টেডিয়াম, মহম্মদ তৈবুল্লা হকী ষ্টেডিয়াম, ছাই, চচল টেনিছ কমপ্লেক্সত অনুষ্ঠিত হ'ব খেল সমূহ । ইতিমধ্যেই প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম চৰকাৰৰ ক্ৰীড়া বিভাগে ।

গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ 'খেলো ইণ্ডিয়া 2020'

অসমক ক্ৰীড়াক্ষেত্ৰৰ ‘হাব’ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাটো নিশ্চিত বাবে এইটো দিশত এক বৃহৎ খোজ । ১৩ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহক লৈ অসমৰ বিভিন্ন স্থানত আৰম্ভ হৈছে কেম্প । এই কেম্পৰ পৰাই খেল’ ইণ্ডিয়াৰ বাবে নিৰ্বাচিত কৰা হ'ব খেলুৱৈ সকল । ১৫-২০ তকৈ অধিক সোণৰ পদক লাভেৰে অসমে শীৰ্ষ স্থানত উপনীত হোৱাৰ আশা কৰিছে অসম অলিম্পিক সন্থাই । ইফালে এই সমাৰোহত অসমৰ পৰম্পৰাগত খেল-ধেমালি, সংস্কৃতি প্ৰদৰ্শন কৰিব ৰাজ্য চৰকাৰে ।

উল্লেখযোগ্য যে অহা ৩০ নৱেম্বৰত সৰুসজাইত এই সমাৰোহৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হ'ব । য’ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু । এই অনুষ্ঠানতে মুকলি কৰা হ'ব খেল’ ইণ্ডিয়াৰ প্ৰতীক, শুভংকৰ, জাৰ্চি । মুঠৰ ওপৰত পুনৰ খেলৰ ৰাজধানী হিচাপে পৰিগণিত হ'ব গুৱাহাটী মহানগৰী।

লগতে চাওক-কৰিমগঞ্জৰ কাটাখালত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

Last Updated : Nov 29, 2019, 6:53 AM IST

ABOUT THE AUTHOR

...view details