অসম

assam

ETV Bharat / sports

5ম দিনাও খেল’ ইণ্ডিয়া 2020 ৰ পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ - তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ

পঞ্চম দিনাও অব্যাহত আছে মহাৰাষ্ট্ৰৰ শক্তিশালী প্ৰদৰ্শন ৷ 26 টা সোণ, 31 টা ৰূপ, 50 টা ব্ৰঞ্জ পদকেৰে শীৰ্ষত অধিষ্ঠিত দলটো ৷

5ম দিনাও খেল’ ইণ্ডিয়া 2020 ৰ পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ
5ম দিনাও খেল’ ইণ্ডিয়া 2020 ৰ পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

By

Published : Jan 15, 2020, 2:10 AM IST

গুৱাহাটী, 15 জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত আটাইতকৈ শক্তিশালী ৰূপত উপনীত হৈছে মহাৰাষ্ট্ৰ দলটো ৷ টুৰ্ণামেণ্টৰ আটাইতকৈ বৃহৎ দলটোৱে পঞ্চম দিনাও অক্ষুণ্ণ ৰাখিছে শীৰ্ষ স্থান ৷ বিশেষকৈ এথলেটিকছত যথেষ্ট সফলতা অৰ্জন কৰিছে ৰাজ্যখনে । বৰ্তমান লৈকে 26 টা সোণ, 31 টা ৰূপ, 50 টা ব্ৰঞ্জৰে মুঠ 107 পদক লাভৰে ৰেংকিঙৰ প্ৰথম স্থান ধৰি ৰাখিবলৈ সক্ষম হৈছে।

পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

ইপিনে দলটোত ৩৫ গৰাকীকৈ যুৱতী খেলুৱৈ অংশগ্ৰহণ কৰিছে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত । ৰাজ্যখনৰ মহিলাক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে মহাৰাষ্ট্ৰ চৰকাৰখনে । যাৰ বাবে খেল’ ইণ্ডিয়াত নাৰী শক্তিয়ে জিনিছে সকলোৰে মন । চৰকাৰৰ সহায়-সহযোগিতাৰ বাবে এই সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে পদক বিজয়ী খেলুৱৈ সকলে ।

খেল’ ইণ্ডিয়া 2020 ৰ পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

উল্লেখযোগ্য যে বিগত বৰ্ষৰ খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহতো শীৰ্ষ স্থান দখল কৰিছিল মহৰাষ্ট্ৰই ৷

ABOUT THE AUTHOR

...view details