স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃগুৱাহাটীত চলি থাক খেল’ ইণ্ডিয়া যুৱ গেমছৰ তৃতীয় দিনৰ অন্ততগুজৰাট দলটোৱে বৰ্তমান লৈকে ৫ টা সোণ, ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকেৰে মুঠ 15 টা পদক লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে জুড’ ৪০ কে জি শাখাত অংকিতা নাগহেৰা, ৪৪ কেজি শাখাত সোণাল দনদিয়া, ৪৮ কেজি শাখাত চাহিন দাৰ্জেদা, ৬৩ কেজিত সন্ধিয়া ৰাথোৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৫০০০ মিটাৰ দৌৰ (২১ অনুৰ্ধ্বৰ) প্ৰতিযোগিতাত অজিত কুমাৰে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।
এইবাৰৰ খেল’ ইণ্ডিয়াত অধিক পদৰে শীৰ্ষ দহটা স্থানত অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব বুলি আশাবাদী গুজৰাটৰ খেলুৱৈ তথা প্ৰশিক্ষকসকল। ইফালে খেল’ ইণ্ডিয়াৰ আয়োজন প্ৰক্ৰিয়াকলৈ খুবেই সুখী গুজৰাটৰ দলটো । উল্লেখযোগ্য যে, ৰাজ্যখনৰ মুঠ ১৭৮ গৰাকী খেলুৱৈয়ে ২০ টাকৈ ইভেন্টত অংশগ্ৰহণ কৰিছে।