স্পৰ্টছ ডেস্ক, 28 আগষ্ট : 29 আগষ্ট অৰ্থাৎ শনিবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ’ব ক্ৰীড়াজগতৰ বিশেষ সন্মান ৷ প্ৰত্যেক বছৰেই ক্ৰীড়াক্ষেত্ৰত দিয়া বিশেষ অৱদানৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা খেলুৱৈ সকলক প্ৰদান কৰা হয় বিশেষ সন্মান ৷ ধ্যানচান্দে 1928, 1932 আৰু 1936 অলিম্পিকত ভাৰতক সোণৰ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতীয় হকী দলক এক উচ্চ স্থান দিবলৈ সক্ষম হৈছিল ৷ যাৰ বাবেই মেজৰ ধ্যানচান্দৰ জয়ন্তী উপলক্ষ্য পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷
এই বিশেষ দিনটোতেই খেলুৱৈ সকলক প্ৰদান কৰা হয় ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ধ্যানচান্দ বঁটা, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা ৷
এই বৰ্ষত কোন খেলুৱৈয়ে কি সন্মান লাভ কৰিব চাওক-
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা : ভাৰতীয় ক্ৰীড়া জগতৰ সৰ্বোচ্চ বঁটাটো হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত নামকৰণ কৰা হৈছে এই বঁটাৰ ৷ পোন প্ৰথমবাৰৰ বাবে 1991-92 চনত প্ৰদান কৰা হৈছিল এই বঁটা ৷ দবা খেলুৱৈ বিশ্বনাথন আনন্দ লাভ কৰিবলৈ সক্ষম হৈছিল এই বঁটা ৷ চলিত বৰ্ষত পাঁচগৰাকী খেলুৱৈক প্ৰদান কৰা হ’ব এই পুৰস্কাৰ ৷
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা তালিকা অৰ্জুন বঁটা :ক্ৰীড়া ক্ষেত্ৰৰ আন এটা গুৰুত্বপূৰ্ণ পুৰস্কাৰ বা সন্মান হৈছে অৰ্জুন বঁটা ৷ ক্ৰীড়া ক্ষেত্ৰত কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হয় এই সন্মান ৷ পোন প্ৰথমবাৰৰ বাবে 1961 চনত প্ৰদান কৰা হৈছিল অৰ্জুন বঁটা ৷ এই বৰ্ষত 27 গৰাকী খেলুৱৈয়ে লাভ কৰিব এই পুৰস্কাৰ ৷ য’ত অন্তৰ্ভুক্ত আছে অসম জীয়ৰী লাভলীনা বৰগোঁহাই ৷
ধ্যানচান্দ বঁটা : যিকোনো খেলুৱৈক তেওঁৰ জীৱনযোৰা উপলব্ধিৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ সন্মান হৈছে ধ্যানচান্দ বঁটা ৷ ভাৰতীয় হকী দলৰ কিংবদন্তি খেলুৱৈ ধ্যানচান্দৰ নামত ৰখা হৈছে এই পুৰস্কাৰ ৷ শাহুৰাজ বিৰাজদাৰক বক্সিঙৰ বাবে প্ৰথমবাৰৰ বাবে 2002 চনত প্ৰদান কৰা হৈছিল এই পুৰস্কাৰ ৷ এই বৰ্ষত 15 মহান খেলুৱৈক প্ৰদান কৰা হ’ব এই সন্মান ৷
দ্ৰোণাচাৰ্য বঁটা :আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত পদক জিনিবলৈ সক্ষম হোৱাকৈ খেলুৱৈ তৈয়াৰ কৰাৰ নিমিত্তে প্ৰশিক্ষক আৰু ক্ৰীড়া বিকাশৰ ক্ষেত্ৰত নিজৰ আজীৱন দিয়া বলিদানৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰা হয় ৷ 1985 চনৰ পৰাই এই সন্মান প্ৰদান কৰি অহা হৈছে ৷ প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ভলাচন্দ্ৰ ভাস্কৰ ভাগৱতে (মল্লযুঁজ) ৷ চলিত বৰ্ষত 14 গৰাকী প্ৰশিক্ষকক প্ৰদান কৰা হ’ব এই সন্মান ৷
দ্ৰোণাচাৰ্য বঁটা : জীৱন-জোৰা শাখা দ্ৰোণাচাৰ্য বঁটা : নিয়মীয়া শাখা লগতে চাওক-কিয় পিতৃৰ কাষলৈ যাবলৈ ভয় সন্তানৰ !