নিউজ ডেস্ক, 21 মে': মঙলবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে 50 বছৰীয়া কামী ৰীতা শ্বেৰপাই ৷ এই জয়ৰ পাছতে সৰ্বাধিকবাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰা বিশ্বৰ একমাত্ৰ পৰ্বতাৰোহী হিচাপে পৰিগণিত হয় তেওঁ ৷ কামী ৰীতাই সফলতাৰে নেপালৰ দিশৰ পৰা পুৱা 6:38 বজাত এভাৰেষ্টত ভৰি দিয়াৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় ৷ ইয়াৰ উপৰি ৰীতা শ্বেৰপাই কাঞ্চনজংঘা, অন্নপূৰ্ণাকে আদি কৰি বহুকেইটা শৃংগ আৰোহণ কৰিছে ৷
24 বাৰৰ বাবে এভাৰেষ্ট জয়েৰে অভিলেখ কামী ৰীতাৰ - ANNAPURNA
এই জয়ৰ পাছতে সৰ্বাধিকবাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰা বিশ্বৰ একমাত্ৰ পৰ্বতাৰোহী হিচাপে পৰিগণিত হয় তেওঁ ৷ কামী ৰীতাই সফলতাৰে নেপালৰ দিশৰ পৰা পুৱা 6:38 বজাত এভাৰেষ্টত ভৰি দিয়াৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় ৷
24 বাৰৰ বাবে এভাৰেষ্ট জয়েৰে অভিলেখ সৃষ্টি কামী ৰিতাৰ
ইয়াৰ পূৰ্বে কামী ৰীতা শ্বেৰপাই 2019 চনৰ 15 মে'ত শেষবাৰৰ বাবে মাউন্ট এভাৰেষ্ট জয় কৰিছিল ৷ তেওঁ প্ৰথমবাৰৰ বাবে 1994 চনত মাউন্ট এভাৰেষ্ট আৰোহণ কৰাৰ উপৰি 25 বছৰৰ ভিতৰত 24 বাৰৰ বাবে এভাৰেষ্ট জয় কৰাৰ অভিলেখ গঢ়ে ৷