স্পৰ্টছ ডেস্ক, 3 জুনঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ চ'কৰা খেলুৱৈ জেক ষ্টিফেন আৰু লেপজিগ ফুটবল দলৰ টাইলেৰ এডামছে মঙলবাৰে আন বহুতো বুণ্ডেছলীগা খেলুৱৈৰ সৈতে মিলিত হৈ জৰ্জ ফ্লয়েডৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰে ।
"Enough is enough" শিৰোনামেৰে এক বিবৃতি প্ৰকাশ কৰি আৰক্ষীৰ বৰ্বৰতাৰ কাৰণে নিহত হোৱা ফ্লয়েড, ব্ৰেওনা টেইলৰ, আহমদ আৰবেৰী আৰু অন্যান্য আফ্ৰিকান আমেৰিকানক সন্মান জনায় জেক ষ্টিফেন নামৰ খেলুৱৈগৰাকীয়ে । 25 বছৰীয়া গ'লকিপাৰগৰাকীয়ে আমেৰিকা ৰাষ্ট্ৰীয় দলৰ পোছাক পৰিধান কৰা গৰ্বৰ কথা উল্লেখ কৰি এক প্ৰশ্ন উত্থাপন কৰি কয় যে, ইয়াৰ নেতা সকলে কিয় মোৰ দৰে দেখিবলৈ নাগৰিক সকলক ৰক্ষাবেক্ষণ প্ৰদান নকৰে ।
উল্লেখ্য় যে, ফৰ্টুনা ডছেলডৰ্ফ দলৰ হৈ আমেৰিকাৰ হৈ প্ৰতিদ্বন্দিতা কৰি আহিছে ষ্টিফেনে । বৰ্তমান সময়ত আঘাত পোৱাৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে খেলুৱৈগৰাকী ।
তেওঁ টুইটাৰত কয়, যদি মই আমেৰিকাৰ পতাকা পিন্ধিবলৈ গৈ আছো তেন্তে মোৰ জনাৰ দৰকাৰ এইটো মোৰ প্ৰতিৰক্ষাৰ বাবে সক্ষম হয় নে নহয় । মই জানিব লাগিব যে, মোৰ দেশত কৃষ্ণাংগবৰণৰ জীৱনক মূল্য দিয়েনে ! আমাৰ নেতাই আমাক দেখুৱাব লাগে যে, তেওঁলোকে আমাৰ কথা শুনে । মই নিজৰ ৰাষ্ট্ৰ ৰক্ষা কৰাত গৰ্বিত । কেৱল মই এইটো জানিব বিচাৰো মোৰ ৰাষ্ট্ৰইও মোৰ ৰক্ষা কৰিব নে ।
ইয়াৰ পূৰ্বেও ষ্টিফেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক কটু বাক্যৰে কঠোৰ সমালোচনা কৰিছিল । ষ্টিফেনৰ লগতে লেপজিগৰ হৈ বুণ্ডেছলীগাত অংশগ্ৰহণ কৰা এডামছেও এই ঘটনাৰ বিৰোধীতা কৰি জাষ্টিছ ফৰ জৰ্জ বাৰ্তা প্ৰেৰণ কৰিছিল ।