স্পৰ্টছ ডেস্ক, 2 জুন: পুনৰ ইতিহাস ৰচনা কৰি গৌৰৱ কঢ়িয়াই আনিলে ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলে ৷ ভাৰত-পাকিস্তান মানে যেন এখন হাই ভল্টেজ বিষয় ৷ লাগিলে সীমান্ততে হওঁক বা খেল পথাৰতে হওঁক ৷ ভাৰত-পাকিস্তানৰ খেল মানে কোনো কাৰনত প্ৰতিপক্ষৰ হাতত পৰাস্ত হ’ব নিবিচাৰে দুয়ো দলে ৷ কিন্তু খেলত জয় বা পৰাজয় নিশ্চিত ৷ হকী মানে যেন ভাৰতৰ বাবে এটা আৱেগ ৷ পুনৰ হকীত শ্ৰেষ্ঠত্বৰ প্ৰমাণ কৰিলে ভাৰতে (Junior Asia Hockey Cup 2023) ৷
হকীত এছিয়াৰ ভিতৰত শ্ৰেষ্ঠত্ব হ’ল ভাৰত ৷ ওমানৰ চালালাহত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া হকী কাপ 2023 ত পাকিস্তানক ধাৰাশায়ী কৰি ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলে চতুৰ্থবাৰলৈ চেম্পিয়ন হ’ল ৷ অতি উত্তেজনাপূৰ্ণ ফাইনেল মেচখনত 2-1 গ’লত ভাৰতে চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি 7 বছৰৰ পাচত পুনৰ চেম্পিয়ন হ’ল (India defends Asian crown with thrilling win)৷
হাই ভল্টেজ মেচখনত প্ৰথমে ভাৰতৰ হৈ অংগদ বীৰ সিঙে প্ৰথমটো গ’ল কৰে (13) ৷ ইফালে ভাৰতৰ গ’ল ৰক্ষক শশীকুমাৰ মোহিত হন্নেহালীয়ে বিপক্ষৰ কেইবাটাও গ’ল বিফল কৰি একপ্ৰকাৰে মেচখন ভাৰতৰ হাতৰ মুঠিলে আনিবলৈ সক্ষম হয় ৷ ভাৰতৰ ডিফেণ্ডাৰক বিমোৰত পেলাই পাকিস্তানৰ ফৱাৰ্ডে গ’ল নিক্ষেপ কৰিছিল যদিও গ’লৰক্ষক শশীকুমাৰ মোহিত হন্নেহালীয়ে দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দিছিল ৷