অসম

assam

ETV Bharat / sports

খেল’ ইণ্ডিয়া 2020: অসমৰ প্ৰথমটো স্বৰ্ণ অৰ্জন পূজা বসুমতাৰীৰ - স্নেহা চৌহানক পৰাস্ত কৰি পূজাৰ স্বৰ্ণ

অসমৰ বাবে খেল’ ইণ্ডিয়া যুৱ গেমছত প্ৰথমটো স্বৰ্ণ পদক অৰ্জন পূজা বসুমতাৰীৰ ৷ জুড’ৰ ছোৱালীৰ 17 বছৰ অনুৰ্ধ্বৰ 57 কেজি শাখাত পদক অৰ্জন পূজাৰ ৷

খেল’ ইণ্ডিয়া 2020: অসমৰ প্ৰথমটো স্বৰ্ণ অৰ্জন পূজা বসুমতাৰীৰ
খেল’ ইণ্ডিয়া 2020: অসমৰ প্ৰথমটো স্বৰ্ণ অৰ্জন পূজা বসুমতাৰীৰ

By

Published : Jan 13, 2020, 4:19 AM IST

Updated : Jan 13, 2020, 5:59 AM IST

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃ গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়া য়ুথ গেমছ 2020ত অসমলৈ প্ৰথমটো স্বৰ্ণ পদক কঢ়িয়াই আনিলে পূজা বসুমতাৰীয়ে । ছোৱালীৰ 17 বছৰ অনুৰ্ধ্বৰ 57 কেজি শাখাৰ জুড’ খেলত এই পদক লাভ কৰে কাৰ্বি আংলঙৰ পূজাই । ফাইনেলত উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দী স্নেহা চৌহানক 1-0 ব্যৱধানত পৰাস্ত কৰি অসমৰ বাবে প্ৰথমটো স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হয় পূজা বসুমতাৰী । দেওবাৰে গুৱাহাটীৰ চাই চেন্টাৰত অনুষ্ঠিত হৈছিল এই জুড’ প্ৰতিযোগিতাৰ ফাইনেল মেচখন ৷

অসমৰ প্ৰথমটো স্বৰ্ণ অৰ্জন পূজা বসুমতাৰীৰ

অৱশ্যে ছোৱালীৰ 17 অনুৰ্ধ্বৰ 63 কেজি শাখাৰ জুড’ৰ ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকতেই সন্তুষ্ট থাকিবলগীয়া হয় ডিব্ৰুগড়ৰধৰিত্ৰী সোণোৱাল। দিল্লীৰ নন্দিনী ভাটছৰ হাতত পৰাজয়বৰণ কৰে ধৰিত্ৰীয়ে ৷ ইয়াৰ পূৰ্বেউপাশা তালুকদাৰে জিমানাষ্টিকত এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

জুড’ত ৰূপৰ পদক ধৰিত্ৰী সোণোৱালৰ

তৃতীয় দিনৰ খেলৰ অন্তত মহাৰাষ্ট্ৰ শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে অসমে 1 টা সোণ, 2 টা ৰূপ, 3 টা ব্ৰঞ্জ পদকেৰে অষ্টাদশ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

অষ্টাদশ স্থান লাভ অসমৰ
Last Updated : Jan 13, 2020, 5:59 AM IST

ABOUT THE AUTHOR

...view details