স্পৰ্টছ ডেস্ক, 26 মে’: ভাৰতৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে বিশ্বৰ শীৰ্ষত থকা ভাৰতীয় শ্বুটাৰ অপূৰ্বী চান্দেলাই ৷ জাৰ্মানত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত দেওবাৰে 10 মিটাৰ এয়াৰ ৰাইফল শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ এই বৰ্ষত অপূৰ্বীৰ এইটা আছিল দ্বিতীয়টো সোণৰ পদক ৷ ভাৰতীয় খেলুৱৈগৰাকীয়ে 251 পইণ্ট লাভেৰে চীনৰ লুৱাঅ’ ৱাং ক পৰাস্ত কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷
ISSF বিশ্বকাপত স্বৰ্ণ পদক অৰ্জন অপূৰ্বী চান্দেলাৰ - অপূৰ্বী চান্দেলা
ISSF বিশ্বকাপত পুনৰ উজলিল ভাৰতীয় শ্বুটাৰ অপূৰ্বী চান্দেলা ৷ 10 মিটাৰ এয়াৰ ৰাইফল শাখাত স্বৰ্ণ পদক অৰ্জন কৰে বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা খেলুৱৈগৰাকীয়ে ৷
ISSF বিশ্বকাপত পুনৰ উজলিল অপূৰ্বী চান্দেলা
ইপিনে চীনৰ খেলুৱৈগৰাকীয়ে 250.8 স্কৰ লাভ কৰে ৷ ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত বিশ্ব অভিলেখ গঢ়ি সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল অপূৰ্বী চান্দেলাই ৷
লগতে চাওকঃ এখন বিশ্বকাপত সৰ্বাধিক শতক অৰ্জন কৰা শীৰ্ষ পাঁচ খেলুৱৈ