স্পৰ্টছ ডেস্ক, 6 মাৰ্চ:বিশ্বব্যাপি ত্ৰাসৰ কাৰণ হৈ পৰিছে কৰ’ণা ভাইৰাছ ৷ ইয়াৰ পোনে-পোনে প্ৰভাৱ পৰিছে ক্ৰীড়াজগততো ৷ টকিঅ’ অলিম্পিক আয়োজনকলৈ অনিশ্চয়তাই বিৰাজ কৰাৰ মাজতেই স্থগিত কৰা হ’ল আইএছএছএফ বিশ্বকাপ প্ৰতিযোগিতা ৷ শুকুৰবাৰে ভাৰতীয় শ্বুটিং ৰাইফল সংঘই কৰ’ণা ভাইৰাছৰ বাবে এই প্ৰতিযোগিতা স্থগিত কৰাৰ কথা ঘোষণা কৰে ৷ ৰাজধানী নতুন দিল্লীত অহা 15 ৰ পৰা 25 মাৰ্চলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল এই বিশ্বকাপ প্ৰতিযোগিতা ৷
এনআৰএআইয়ে আন্তঃৰাষ্ট্ৰীয় শ্বুটিং খেল মহাসংঘক (ISSF) ক বিশ্বকাপত ৰাইফল আৰু পিষ্টল শাখাৰ আয়োজনৰ বাবে মঞ্জুৰি বিচাৰি এটা 5 ৰ পৰা 12 এপ্ৰিল আৰু এটা 2 ৰ পৰা 9 জুনলৈ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দাখিল কৰিছে ৷ বৰ্তমান আইএছএছএফে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিক শ্বুটিঙৰ অলিম্পিক যোগ্যতাৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনাইছে বুলি জানিবলৈ দিয়ে ৷