অসম

assam

ETV Bharat / sports

বিশ্ব ক্ৰীড়া পৰিচালনা সংস্থাৰ তৰফৰ পৰা সন্মান পৱন সিঙক - আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন

নেচনেল ৰাইফল এছোচিয়েচন অফ ইণ্ডিয়াৰ যুটীয়া সচিব পৱন সিঙক বিশ্ব ক্ৰীড়া পৰিচালনা সংস্থাৰ তৰফৰ পৰা সন্মানিত কৰা হৈছে । শ্বুটিংত তেওঁৰ কৃতীত্বৰ বাবে সোণৰ পদকেৰে সন্মানিত কৰা হৈছে । শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা বিশ্বকাপত প্ৰতিযোগিতাত সিঙে খেলৰ প্ৰতি তেওঁৰ সেৱাৰ বাবে আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন (আইএছএছএফ)ৰ পৰা সোণৰ পদক লাভ কৰে ।

বিশ্বজুৰি ক্ৰীড়া পৰিচালনা সংস্থাৰ তৰফৰ পৰা সন্মান পৱন সিঙক
বিশ্বজুৰি ক্ৰীড়া পৰিচালনা সংস্থাৰ তৰফৰ পৰা সন্মান পৱন সিঙক

By

Published : Mar 31, 2021, 8:19 PM IST

স্পৰ্টছ ডেস্ক, ৩১ মাৰ্চ: নেশ্যনেল ৰাইফল এছোচিয়েচন অফ ইণ্ডিয়াৰ যুটীয়া সচিব পৱন সিঙক বিশ্ব ক্ৰীড়া পৰিচালনা সংস্থাৰ তৰফৰ পৰা সন্মানিত কৰা হৈছে । শ্বুটিংত তেওঁৰ কৃতিত্বৰ বাবে সোণৰ পদকেৰে সন্মানিত কৰা হৈছে । শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা বিশ্বকাপ প্ৰতিযোগিতাত সিঙে খেলৰ প্ৰতি তেওঁৰ সেৱাৰ বাবে আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন (আইএছএছএফ)ৰ পৰা সোণৰ পদক লাভ কৰে । উল্লেখ্য যে, অতিমাৰীৰ পাচত এইখনেই ভাৰতত অনুষ্ঠিত প্ৰথম আন্তৰ্জাতিক প্ৰতিযোগিতা আছিল ।

আইএছএছএফৰ তৃতীয় স্বৰ্ণ পদকটো সিঙক প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে, তেওঁ ২০১৬ চনত ৰিঅ' ডি জেনেৰিঅ গেমছৰ আগতে চমু জাননীত এছিয়ান অলিম্পিক কোৱালিফায়াৰত তেওঁৰ উৎকৃষ্ট কামৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । ২০১৭ চনত তেওঁক ৰূপৰ পদকেৰে সন্মানিত কৰা হৈছিল ।

এই সন্মান লাভ কৰাৰ পাচত সিঙে কয়, "মই ফেডাৰেচনৰ মোৰ সহকৰ্মী আৰু এন আৰ এ আইৰ সভাপতি ৰণীন্দৰ সিঙৰ সৈতে এছ এ আইৰ কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞ । যিসকলে মোক প্ৰতিটো ক্ষণত সমৰ্থন কৰি আহিছে" ।

তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে টকিঅ' গেমছত জুৰী হিচাপে অংশগ্ৰহণ কৰা । যিটো তেওঁৰ এক অনন্য সপোন আৰু তেওঁৰ ফালৰ পৰা সৰ্বশ্ৰেষ্ঠ দিব বুলি আশা কৰিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:মমতাক আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details