অসম

assam

ETV Bharat / sports

খালী ষ্টেডিয়ামত অলিম্পিক আয়োজন কৰাৰ পক্ষপাতিত্ব নহয় : IOC অধ্যক্ষ - not supporting the idea of empty stadium olympics games

অলিম্পিক খেলৰ আয়োজনক লৈ মন্তব্য প্ৰকাশ IOC ৰ অধ্যক্ষৰ ৷ দৰ্শকবিহীন ভাৱে অলিম্পিক খেলৰ আয়োজনৰ পক্ষপাতিত্ব নকৰে IOC ৰ অধ্যক্ষ থমাছ বাকে ৷

ioc president thomas bach is not supporting the idea of empty stadium olympics games
ioc president thomas bach is not supporting the idea of empty stadium olympics games

By

Published : Jul 16, 2020, 5:02 PM IST

স্পৰ্টছ ডেস্ক, 16 জুলাই :আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (IOC) ৰ অধ্যক্ষ থমাছ বাকে শুকুৰবাৰে কয় যে,টকিঅ’ অলিম্পিক খেলৰ আয়োজন দৰ্শকবিহীন ষ্টেডিয়ামত কৰোৱাৰ পৰিৱৰ্তে দৰ্শকৰ উপস্থিতিত হে কৰোৱাৰ পোষকতা কৰে ৷ টকিঅ’ অলিম্পিকৰ আয়োজন বৰ্তমানে 2021 বৰ্ষলৈ স্থানান্তৰিত কৰা হৈছে ৷ পূৰ্বতে চলিত বৰ্ষৰ 24 জুলাইৰ পৰা 9 আগষ্টৰ মাজত হ’বলগীয়া আছিল টকিঅ’ অলিম্পিক ৷ কিন্তু বিশ্বজুৰি চলা কৰ’ণা মহামাৰীৰ ফলতেই স্থগিত কৰা হয় প্ৰতিযোগিতাখনৰ আয়োজন ৷

খালী ষ্টেডিয়ামত অলিম্পিক আয়োজন কৰাৰ পক্ষপাতিত্ব নহয় : IOC অধ্যক্ষ

বৰ্তমান সময়ত বিশ্ব জগতত ক্ৰীড়াৰ লাহে-লাহে প্ৰত্যাৱৰ্তন হৈছে যদিও দৰ্শকবিহীন ভাৱে আয়োজন কৰা হৈছে প্ৰতিযোগিতা সমূহ ৷

বাকে সংবাদদাতা সকলৰ সৈতে হোৱা এক ভিডিঅ’ কনফাৰেঞ্চিঙত কয়,আমাৰ ৰণনীতিত সকলো উপায় অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিন্তু দৰ্শকবিহীন ভাৱে ষ্টেডিয়ামত অলিম্পিক খেল আয়োজনৰ আমি পোষকতা নকৰো ৷

তেওঁ লগতে কয়,আমি সমাধানৰ বাবে কাম কৰি আছো যিয়ে খেলুৱৈৰ স্বাস্থ্যৰ সুৰক্ষা আৰু দ্বিতীয়তে অলিম্পিকৰ ভাৱনা যাতে বৰ্তাই ৰাখে ৷ আনহাতে যদি কোভিডৰ বাবে আগন্তুক সময়ত পৰিস্থিতি সামান্য হৈ নুঠে তেন্তে অলিম্পিক সম্পূৰ্ণ ভাৱে বাতিল কৰা হ’ব পাৰে বুলিও উল্লেখ কৰে ৷ জাপানৰ প্ৰধানমন্ত্ৰী চিংজো আৱেয়েও পূৰ্বতে এই কথা উল্লেখ কৰিছিল ৷ এতিয়া ইয়াৰে সমৰ্থন জনাইছে IOC ৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে চাওক-ইংলেণ্ড-ৱেষ্ট ইণ্ডিজ: দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ জফ্ৰা আৰ্চাৰ

ABOUT THE AUTHOR

...view details