অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত হ'ব ২০৩২ৰ অলিম্পিক - অষ্ট্ৰেলিয়ান অলিম্পিক কমিটী

বিশেষ নিৰ্বাচনৰ জৰিয়তে ব্ৰিছবেনক নিৰ্বাচিত কৰা হৈছে 2032ৰ অলিম্পিকৰ বাবে । নিৰ্বাচনত ৮০ খন ভোটিং কাৰ্ড বিতৰণ কৰা হৈছিল । তাৰ ভিতৰত ৭৭ খন বৈধ আছিল । ইয়াৰে ৭২ খন ভোটিং কাৰ্ডে ইতিবাচক সংকেত দিয়াৰ লগে লগে ব্ৰিছবেনক নিৰ্বাচিত কৰা হয় অলিম্পিকৰ হোষ্টৰ বাবে ।

2032 Olympics
অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত হ'ব ২০৩২ অলিম্পিক

By

Published : Jul 22, 2021, 12:32 PM IST

স্পৰ্টছ ডেস্ক,২২ জুলাই : শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব টকিঅ' অলিম্পিক (Tokyo Olympic) । খেলুৱৈ, আয়োজক সকলো এতিয়া সাজু হৈ উঠিছে । ইয়াৰ মাজতে আন্তৰ্জাতিক অলিম্পিক কমিটীৰ (IOC) বিশেষ ঘোষণা । ২০৩২ চনত অলিম্পিক (2032 Olympic) অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াত ।

২০৩২ অলিম্পিকৰ আয়োজক চহৰ হ'ব ব্ৰিছবেন । টকিঅ' অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে বুধবাৰে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে এই ঘোষণা কৰে । টুইটাৰ যোগে আইঅ'চিয়ে ব্ৰিছবেনক ধন্যবাদ জ্ঞাপন কৰে এই কথা ঘোষণা কৰে ।

বিশেষ নিৰ্বাচনৰ জৰিয়তে ব্ৰিছবেনক নিৰ্বাচিত কৰা হৈছে । নিৰ্বাচনত ৮০ খন ভোটিং কাৰ্ড বিতৰণ কৰা হৈছিল । তাৰ ভিতৰত ৭৭ খন বৈধ আছিল । ইয়াৰে ৭২ খন ভোটিং কাৰ্ডে ইতিবাচক সংকেত দিয়াৰ লগে লগে ব্ৰিছবেনক নিৰ্বাচিত কৰা হয় অলিম্পিকৰ হোষ্টৰ বাবে ।

আইঅ'চিৰ কাৰ্যবাহী পৰিষদে (EB) জুন মাহতে ২০৩২ চনৰ অলিম্পিক আয়োজনৰ বাবে ব্ৰিছবেনক প্ৰস্তাৱ দিয়াৰ সিদ্ধান্ত লৈছিল । অলিম্পিয়াডৰ খেলৰ বাবে ভৱিষ্যৎ আয়োজক আয়োগৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত লোৱা হৈছিল । আইঅ'চিৰ সদস্যসকলে ২০২১ চনৰ ২১ জুলাইত টকিঅ'ত অনুষ্ঠিত ১৩৮ তম অধিৱেশনত ভোটদান কৰিব বুলিও চৰকাৰী বিবৃতিত কোৱা হৈছিল । ফিউচাৰ হোষ্ট কমিছনৰ এক প্ৰতিবেদনৰ ওপৰত লক্ষ্য ৰাখি কাৰ্যবাহী পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

ইফালে ব্ৰিছবেন 2032, অষ্ট্ৰেলিয়ান অলিম্পিক কমিটী (Australian Olympic Committee) আৰু তেওঁলোকৰ অংশীদাৰসকলৰ দ্বাৰা যোৱা বছৰত কৰা কামৰ প্ৰতিটো দিশ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে । আইঅ'চিৰ সভাপতি থমাছ বাকে এক চৰকাৰী বিবৃতিত কৈছিল যে বিশ্বৰ বহুতো চৰকাৰে তেওঁলোকৰ দেশ আৰু অঞ্চলসমূহৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে ক্ৰীড়াক অত্যাৱশ্যকীয় বুলি গণ্য কৰে । আনহতে ব্ৰিছবেন ২০৩২ অলিম্পিক প্ৰকল্পই ক্ৰীড়াক উত্তৰাধিকাৰ হিচাপে স্বীকৃতি দিছে । তেওঁলোকে দেখুৱাইছে যে কেনেকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে ক্ৰীড়াক তেওঁলোকৰ স্থায়ী উত্তৰাধিকাৰ হিচাপে লাভ কৰিব পৰা যায় ।

অলিম্পিয়াডৰ খেলসমূহৰ বাবে ভৱিষ্যত আয়োজক আয়োগৰ অধ্যক্ষ ( Future Host Commission for the Games of the Olympiad) ক্ৰিষ্টিন ক্লষ্টাৰ আছেনে (Kristin Kloster Aasen) কয় যে আয়োগে অলিম্পিক আৰু পেৰালিম্পিক গেমছৰ বাবে তেওঁলোকৰ দৃষ্টিভংগী, ধাৰণা আৰু উত্তৰাধিকাৰী পৰিকল্পনাবোৰৰ বিষয়ে জানিবলৈ ব্ৰিছবেন ২০৩২ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছে । লগতে চহৰ আৰু অঞ্চলটোৰ বাবে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনাৰ সৈতে কেনেদৰে সংগতি ৰাখিব পাৰে তাক অন্বেষণ কৰিবলৈও এক সহযোগিতামূলক অংশীদাৰিত্বৰ জৰিয়তে ব্ৰিছবেন ২০৩১ ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছে আয়োগে ।

লগতে পঢ়ক :লাভলীনাৰ ঘৰত উপস্থিত প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী

ABOUT THE AUTHOR

...view details