অসম

assam

ETV Bharat / sports

পৰ্বতাৰোহী অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

বিশ্ব অভিলেখ গঢ়া এইগৰাকী অনচু জেমছেনপা হৈছে অৰুণাচল প্ৰদেশৰ বমদিলাৰ বাসিন্দা ৷ ইটিভি ভাৰতৰ সৈতে অনচু জেমছেনপাৰ বিশেষ সাক্ষাৎকাৰ ৷

interview-with-anshu-jamsenpa
পৰ্বতাৰোহী অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

By

Published : Jul 17, 2020, 5:29 PM IST

তেজপুৰ, 16 জুলাই : দুবাৰকৈ এভাৰেষ্ট শৃংগ জয়ী বিশ্বৰ প্ৰথম মহিলাৰ খিতাপ দখল কৰা অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে বাৰ্তালাপত জেমছেনপাই কয় যে, পৰ্বত আৰোহণৰ বাবে এখন বিশেষ আঁচনি প্ৰস্তুত কৰাৰ বাবে অতিকৈ প্ৰয়োজন নহ'লে নতুন প্ৰজন্মৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় । বৰ্তমান অৰুণাচল প্ৰদেশৰ ডিৰাঙত এই পৰ্বত আৰোহণৰ বিশেষ প্ৰশিক্ষণ লোৱাৰ এখন চৰকাৰী মহাবিদ্যালয় আছে আৰু উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিকাৰুক যথেষ্ট অনুপ্ৰাণিত কৰিছে ।

পৰ্বতাৰোহী অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

উল্লেখ্য যে, বিশ্ব অভিলেখ গঢ়া এইগৰাকী অনচু জেমছেনপা হৈছে অৰুণাচল প্ৰদেশৰ বমদিলাৰ বাসিন্দা ৷ সাক্ষাৎকাৰত প্ৰথম মাউন্ট এভাৰেষ্টৰ শিখৰ জয় কৰি ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা জেমছেনপাই এই লক ডাউনৰ সময়ত বিভিন্ন গীত আৰু সংগীতৰ মাজেদি পাৰ কৰিছে সময় ।

পৰ্বতাৰোহী অনচু জেমছেনপা
পৰ্বতাৰোহী অনচু জেমছেনপা

এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিবলৈ কেনে ধৰণৰ বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰিছিল সেই সম্পৰ্কতো জানিবলৈ দিয়ে পৰ্বতাৰোহী গৰাকীয়ে ৷ দুগৰাকী সন্তানৰ মাতৃ হৈও হিমালয়ৰ শিখৰত ভাৰতৰ বিজয় পতাকা উত্তোলন কৰিবলৈ থমকি ৰোৱা নাছিল জেমছেনপাই ৷

পৰ্বতাৰোহী অনচু জেমছেনপা
পৰ্বতাৰোহী অনচু জেমছেনপা

অকল পৰ্বত আৰোহণ কৰাই নহয় দুখন চুটি ছবিতো অভিনয় কৰিছে জেমছেনপাই ৷ Crossing Bridge ত অভিনয় কৰি ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল জেমছেনপাই । ইয়াৰ পিছত Anshu : Everest Calling ত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল পৰ্বতাৰোহী গৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে জেমছেনপা
পৰ্বতাৰোহী অনচু জেমছেনপা

লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা

ABOUT THE AUTHOR

...view details