স্পৰ্টছ ডেস্ক,১৯ জুন :সুনীল ছেত্ৰীৰ নেতৃত্বত ভাৰতীয় ফুটবল দলৰ চমৎকাৰী প্ৰদৰ্শন । সুদীৰ্ঘ ৪৬ বছৰৰ অন্তত ভাৰতীয় দলটোৱে আন্তঃমহাদেশীয় কাপ ২০২৩ ফুটবল টুৰ্ণামেণ্টত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাৰ ফাইনেলত লেবাননক ২-০ গ'লত পৰাস্ত কৰি ভাৰতীয় দলটোৱে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় । এই ঐতিহাসিক বিজয়ৰ পাছতে ভাৰতীয় দলটোৰ খেলুৱৈসকলে ব্যাপক উদযাপন কৰা দেখা গৈছে । ওড়িশাৰ মুখ্যমন্ত্ৰীয়েও সকলো খেলুৱৈৰ প্ৰদৰ্শনক প্ৰশংসা কৰিছে ।
উল্লেখ্য যে ভূৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আন্তঃমহাদেশীয় কাপ ২০২৩ৰ ফাইনেল । ভাৰতীয় দলটোৱে ফাইনেলত লেবাননক পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । গোটেই প্ৰতিযোগিতাখনতে সুনীল ছেত্ৰীৰ নেতৃত্বত ভাৰতীয় দলটোৱে উন্নত প্ৰদৰ্শন দেখুৱাইছে । লক্ষণীয়ভাৱে শক্তিশালী ভাৰতীয় দলৰ বিৰুদ্ধে লেবাননে এটাও গ'ল কৰিব নোৱাৰিলে আৰু লেবাননে ফাইনেলত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় ।
ইয়াৰ পূৰ্বে ২০২১ চনত ভাৰতীয় ফুটবল দলে এছএএফএফ চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এটা ট্ৰফী জিকিছে । ইফালে আন্তঃমহাদেশীয় কাপৰ ফাইনেলখন অতি ৰোমাঞ্চকৰ আছিল । ফিফা ৰেংকিঙৰ ১০৬ নম্বৰত থকা ভাৰতীয় দলটোৱে এই খিতাপ অৰ্জনৰ লগে লগে তালিকাৰ ৯৯ স্থানলৈ উন্নীত হয় ।