স্পৰ্টছ ডেস্ক,৯ জুন :বিশ্ব ক্ৰীড়াত ভাৰতীয় খেলুৱৈৰ জয়ৰ ধাৰা অব্যাহত আছে । এইবাৰ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ২০২২ত (Indonesia Masters 2022) উজলিল ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন (Lakshya Sen enters quarterfinals of Indonesia Masters)। জাকাৰ্টাত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ পোনপটীয়া খেলত ডেনমাৰ্কৰ ৰাচমুছ জেমকেক পৰাস্ত কৰি (Lakshya Sen beats Rasmus Gemke) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে বিশ্বৰ ৯ নম্বৰ লক্ষ্য সেনে ।
২ নং ক'ৰ্টত অনুষ্ঠিত খেলখনত বিশেষ কষ্ট নকৰাকৈয়ে ডেনমাৰ্কৰ খেলুৱৈগৰাকীক পৰাস্ত কৰে সেনে । প্ৰথমখন খেলত কিছু সময়ৰ বাবে দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছিল । যাৰ বাবে ২১-১৮ পইণ্টলৈ খেলখন আগবাঢ়ি যায় । আনহাতে বাকী কেইখন খেলতো ক্ৰমে ২১-১৮, ২১-১৫ পইণ্টত ভাৰতীয় খেলুৱৈগৰাকী জয়ী হয় ।